বলীউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ দেহাৱসান

Pc NDTV.com

বলীউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ দেহাৱসান

 ৰঙিলী বাৰ্ত্তাসেৱা- বলীউডৰ জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ দেহাৱসান।৬৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে। তেওঁৰ মৃত্যুৰ বাতৰিটোৱে হিন্দী চলচ্চিত্ৰ উদ্যোগক হতবাক কৰি তুলিছিল আৰু বহুতে তেওঁৰ আচৰিত মৃত্যুত শোক প্ৰকাশ কৰিছিল। দিল্লীত থকা সতীশ গাড়ীত যাওঁতে হাৰ্ট এটেকত আক্ৰান্ত হয়। সতীশ কৌশিকে থিয়েটাৰৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইবাখনো চলচ্চিত্ৰ পৰিচালনা কৰিছিল।