বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন (এল্ডাৰলাইন-১৪৫৬৭) ৰ আৰম্ভণি

pc- Indus Scrolls

বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন (এল্ডাৰলাইন-১৪৫৬৭) ৰ আৰম্ভণি

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় সামাজিক প্ৰতিৰক্ষা প্ৰতিষ্ঠানে আৰম্ভ কৰা বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় হেল্পলাইন (Elderline 14567) কাৰ্যসূচী অসমতো ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ সফল ৰূপায়নৰ ক্ষেত্ৰত তথ্যসমূহ আহৰণৰ বাবে এম/এচ অলংকিত এছাইনমেণ্ট লিমিটেডক দায়িত্ব অৰ্পন কৰিছে। এই সংস্থাটোৱে সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ হৈ কাম কৰিব। উল্লেখযোগ্য যে, বয়োজেষ্ঠ নাগৰিকৰ বাবে ৰাষ্ট্ৰীয় সহায়ৰ অধীনত বয়োজেষ্ঠসকলৰ বাবে বৃদ্ধাশ্রম, স্বাস্থ্য সেৱা, শাৰিৰীক কার্যকলাপ, ফিজিঅ’থেৰাপী, ডে’কেয়াৰ সেৱা, যত্নমূলক সেৱা ইত্যাদি সেৱাসমূহ প্ৰদান কৰা হ’ব । লগতে, আইন সম্পৰ্কীয়, তত্বাৱধান আৰু বৃদ্ধ পেঞ্চন সম্পৰ্কীয় সেৱা লাভৰ বাবে প্ৰয়োজনীয় নেতৃত্ব গ্রহণ কৰিব। বৃদ্ধাৱস্থাত সন্মুখীন হোৱা জীৱনৰ সমস্যা, আত্মীয়ৰ সৈতে সম্পৰ্ক ৰক্ষা, অকলশৰীয়া অনুভৱ তথা মানসিক উত্তৰণৰ দিশতো সেৱা উপলব্ধ হ’ব। ইয়াৰ বাবে হেল্পলাইন নম্বৰ- ১৪৫৬৭ মুকলি কৰি দিয়া হৈছে আৰু জিলা প্রশাসন, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, মহকুমা প্রশাসন, জিলা পৰিষদ, পৌৰ নিগম, জিলা আইন সম্পৰ্কীয় সেৱা প্ৰাধিকৰণ আৰু চক্ৰ বিষয়াই এই হেল্পলাইনৰ জৰিয়তে বয়োজেষ্ঠ নাগৰিকৰ প্রয়োজন সম্পর্কে জানিবলৈ সক্ষম হ’ব।