বণ্ড, জেমচ বণ্ড — অভিজিত শেনচোৱা,শিৱসাগৰ

pedrolutos

বণ্ড, জেমচ বণ্ড

ইয়ান ফ্লেমিঙৰ বিশ্বজয়ী কালজয়ী সৃ্ষ্টি জেমচ বণ্ডৰ চৰিত্ৰ ৷ প্ৰচণ্ড আত্মবিশ্বাস, চুম্বক শক্তিসম্পন্ন ব্যক্তিত্ব আৰু পেশীবহুল মনোমুগ্ধকৰ অৱয়বেৰে দর্শকক মুগ্ধ কৰা ৷ জেমচ বণ্ড চিৰিজ সৃষ্টি কৰিছিল কাহিনীকাৰ ইয়ান ফ্লেমিঙে । তেওঁ জেমচ বণ্ডক গঢ়ি তুলিছিল এজন মার্জিত, অমায়িক ব্ৰিটিচ চোৰাংচোৱাৰূপে যি নাৰী সমাজৰ হিয়াৰ আমঠু, অস্ত্ৰচালনাত অব্যর্থ, চালচলনত অভিজাত আৰু লগতে এজন দুর্দ্ধর্ষ প্ৰবঞ্চক৷ ১৯৬২ চনত ‘ডক্তৰ নো’ৰ পৰা আৰম্ভ কৰি বৰ্তমান মুক্তি পাব লগীয়া ‘ন’ টাইম টু ডাই’লৈ জেমচ বণ্ডে অকণো আবেগক প্ৰশ্ৰয় নিদিয়াকৈ শত্ৰু নিধন কৰি আহিছে আৰু লগতে বিশ্বক বিধ্বস্ত কৰিব খোজা লোকৰ প্ৰতি প্ৰদর্শন কৰিছে নির্দয় ইতিকিং৷
ইয়ান ফ্লেমিঙৰ গুপ্তচৰ কাহিনীৰ বিখ্যাত ০০৭ ৰ নামটো এই সঁচা জেমছ বণ্ড নামৰ এজন ব্যক্তিৰ পৰা লোৱা হৈছে ৷ জেমছ বণ্ডৰ নামৰ ব্যক্তিজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত জন্ম হৈছিল আৰু তেখেতে আমেৰিকাৰ একাডেমি অফ্ নেচাৰেল চাইন্সত এজন পক্ষীবিদ ৰূপে কৰ্মৰত আছিল ৷ তেখেত কেৰেবিয়ান দ্বীপপূঞ্জৰ পক্ষীসমূহৰ এজন বিশেষজ্ঞ ৰূপে বিশেষভাৱে পৰিচিত আছিল ৷ তেখেতৰ উল্লেখযোগ্য কীৰ্তিৰাজিৰ ভিতৰত ” Birds of West Indies ” বিশেষ ভাৱে উল্লেখনীয় ৷ আৰু তেওঁক ভিত্তি কৰিয়ে ইয়ান ফ্লেমিংগে সৃষ্টি কৰিছিল জেমচ বণ্ডৰ চৰিত্ৰ যি হৈ উঠিছিল জীৱন্ত আৰু সার্থক ।

জেমচ বণ্ডৰ ৰোমাঞ্চকৰ কথা

১/ জেমচ বণ্ড চিৰিজ বিশ্বৰ এক নম্বৰ চলচ্চিত্ৰ চিৰিজ যি দীৰ্ঘকাল ধৰি চলি আহিছে । ১৯৬২ চনৰ পৰা আৰম্ভ হোৱা এই চিৰিজত বৰ্তমানলৈকে সৰ্বমুঠ ২৪ খন চলচ্চিত্ৰ আছে আৰু ২৫ নম্বৰ চলচ্চিত্ৰ খন মুক্তিৰ পথত ।

২/ গুপ্তচৰ জেমচ বণ্ড চৰিত্ৰটোৰ সৃষ্টিকৰ্তা ইয়ান ফ্লেমিং নিজেও পূৰ্বতে এজন ব্ৰিটিছ চোৰাংচোৱা আছিল ।

৩/ ইয়ান ফ্লেমিংয়ে তেওঁৰ প্ৰায়ভাগ বণ্ড উপন্যাস লিখিছিল জামাইকাত থকা তেওঁৰ বাসগৃহ ‘গোল্ডেন আই’ৰ পৰা । আৰু বণ্ড ছিৰিজৰ প্ৰথমখন উপন্যাস আছিল ‘কেচিন’ ৰয়েল’ ।

৪/ জেমচ বণ্ড দ্বীপ- থাইলেণ্ডৰ সাগৰৰ মাজত অৱস্থিত দ্বীপ
জেমচ বণ্ড দ্বীপটো এটা প্ৰকাণ্ড গুহা । প্ৰতি চেকেণ্ডতেই মৃদু জোৱাৰে জেমচ্ বণ্ড দ্বীপক চুমি যায়, ১৯৭৪ চনত ছাৰ ৰ’জাৰ মুৰে যাক গোটেই বিশ্বই জেমচ বণ্ড বুলি জানিছিল এই নিৰ্জ্জন দ্বীপটোলৈ আহিছিল এখন চিনেমাৰ শ্বুটিঙৰ বাবে সেয়ে এই দ্বীপৰ নাম জেমচ্ বণ্ড আইলেণ্ড হৈছিল আৰু চিনেমাখন আছিল বিশ্ব বিখ্যাত বণ্ড চিনেমা THE MAN WITH GOLDEN GUN
জেমচ্ বণ্ড দ্বীপটো বিশাল মহাসাগৰৰ বুকুত যেন এটা সুন্দৰ দ্বীপ ।

৫/ বণ্ড চলচ্চিত্ৰ লিভ এণ্ড লেট দাইত প্ৰদৰ্শিত কৰা বাছৰ দৃশ্যটোৰ বাবে লণ্ডনত বিশেষভাৱে বাছখন তৈয়াৰ কৰি লোৱা হৈছিল য’ত ড্ৰাইভাৰ জনে প্ৰায় ৬ সপ্তাহ অনুশীলন কৰিছিল ।

৬/ জেমচ বণ্ডৰ সকলো চলচিত্ৰৰ অংশীদাৰ হৈছে এম জী এম আৰু ইউনাইটেড আৰ্টিষ্ট নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা সংস্থা দুটা।

৭/ ৰাণী এলিজাবেথ আৰু জেমচ বণ্ড- ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক খেলত পৰিচালক ডেনি বয়েলে এখন জেমচ বণ্ডৰ চুটিছবি নিৰ্মাণ কৰি উলিয়াইছিল য’ত ইংলেণ্ডৰ ৰাণী এলিজাবেথ দৃতীয় আৰু জেমচ বণ্ড ডেনিয়েল ক্ৰেইগক একেলগে দেখা গৈছিল । আৰু এই দৃশ্যত বণ্ডে ৰাণী এলিজাবেথক ৰাজপ্ৰসাদৰ পৰা লৈ গৈছিল নিজৰ সুৰক্ষা বেষ্টনিৰ মাজত ।

৮/ ২৪ খন মুক্তিপ্ৰাপ্ত বণ্ড চলচ্চিত্ৰত বৰ্তমানলৈকে মুঠ ৭ জন অভিনেতাই অভিনয় কৰিছে । অভিনেতাৰ হিচাপত প্ৰথমজন জেমচ বণ্ড আছিল ছিন ক’নেৰী ।

৯/ জেমস বণ্ড চলচ্চিত্ৰসমূহত অন্যতম মুখ্য আকৰ্ষণ হৈছে বণ্ড গাৰ্ল । বৰ্তমানলৈকে মুঠ ৭৫ গৰাকী অভিনেত্রীয়ে এই বণ্ড গাৰ্ল চৰিত্ৰত অভিনয় কৰিছে ।

১০/ জেমচ বণ্ড ছিৰিজৰ শ্ৰেষ্ঠ চলচিত্ৰ skyfall নিৰ্মাণৰ বাবে মুঠ দুই লাখ ৰাউণ্ড গুলী অনা হৈছিল । এইখন বিশ্বৰ সর্বাধিক আয় অৰ্জন কৰা ২৮ সংখ্যক চলচ্চিত্ৰ ।

১১/ বণ্ড চলচিত্ৰত মিলিটাৰী ইন্টালিজেন্সৰ ষষ্ঠ শাখাৰ (MI6) 007 নম্বৰ এজেন্ট ৰূপে কাম কৰা জেমচ বণ্ডৰ এই পদ ১৯৯৪ চনত ব্ৰিটিছ চৰকাৰে মঞ্জুৰ কৰে ।

১২/ ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত বণ্ড চলচ্চিত্ৰ Tomorrow Never Dies চলচ্চিত্ৰৰ এটা দৃশ্যৰ বাবে মুঠ ১৫ খন BMW ধংশ কৰা হৈছিল ।

১৩/ ভাৰতত জেমচ বণ্ড- ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জেমচ বণ্ড চলচিত্ৰ Octopussy আছিল ভাৰতত দৃশ্যগ্ৰহন কৰা প্ৰথমখন আৰু বৰ্তমানলৈকে অন্তিমখন জেমচ বণ্ড চলচিত্ৰ । কবিৰ বেদী আৰু বিজয় অমৃতৰাজ এই দুই ভাৰতীয়ই অভিনয় কৰা এই চলচিত্ৰৰ দৃশ্যগ্ৰহন হৈছিল ৰাজস্থানৰ উদয়পুৰত । এই চলচ্চিত্ৰত থকা অ’টৰিক্সা দৃশ্য ইমানেই জনপ্ৰিয় হৈছিল যে পিছলৈ এই দৃশ্য VISA ইন্টাৰনেছনেল কোম্পানীয়ে নিজৰ এক বিজ্ঞাপনত ব্যৱহাৰ কৰিছিল ।

১৪/ জেমচ বণ্ড চলচিত্ৰত নায়ক বণ্ডৰ সমানে সমানে খলনায়ক সকলকো শক্তিশালী ৰূপত দেখুৱা হয় ।

১৫/ বণ্ড ছবিৰ সংলাপ “বণ্ড, জেমচ বণ্ড” এক কালজয়ী সংলাপ ।

১৬/ বিশ্ব চলচিত্ৰত আটাইতকৈ ভাল উপাৰ্জন কৰা চলচিত্ৰৰ ২৮ সংখ্যক স্থানত ২০১২চনত মুক্তিপ্ৰাপ্ত SKYFALL চলচিত্ৰই স্থান লাভ কৰিছে । কিন্তু ঘৰুৱা উপাৰ্জন হিচাপত Thunderball সবাতোকৈ লাভজনক বণ্ড চলচ্চিত্ৰ ।

১৭/ SKYFALL চলচিত্ৰৰ ক্লাইমেক্সত দেখুৱা স্কটলেণ্ডৰ ঘৰটো আচলতে সেই বণ্ড চিনেমাত সংগীত দিয়াজনৰহে ঘৰ ।

১৮/ আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি জেমচ বণ্ড চলচ্চিত্ৰৰ এজন দুৰ্ঘোৰ প্ৰেমিক আছিল । হত্যাৰ আগদিনা তেওঁ হোৱাইট হাউছত বণ্ডৰ From Russia With Love দৰ্শন কৰিছিল । এইখন আছিল বণ্ড ছিৰিজৰ দৃতীয়খন চিনেমা ।

১৯/ ইংৰাজী দুৰ্বল হোৱাৰ বাবে এগৰাকী ছোৱালীক বণ্ড গাৰ্লৰ বাবে নাকচত তেওঁ আত্মহত্যা কৰিবলৈ ওলাইছিল ।

২০/ Dimonds Are Forever চলচিত্ৰৰ বাবে ছাৰ চীন কংনেৰীয়ে গিনীজ বুকুত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

২১/ বৰ্তমানৰ জেমচ বণ্ড ডেনিয়েল ক্ৰেইগে যেতিয়াই যি গাড়ী মন যায় সেয়া এষ্ট্ৰন মাৰ্টিনৰ ডীলাৰৰ পৰা নিব পাৰে । এইয়া তেওঁলৈ এষ্ট্ৰন মাৰ্টিনৰ এক উপহাৰ ।

২২/ জেমচ বণ্ডে ব্যৱহাৰ কৰা বিখ্যাত Walther PPK পিষ্টলতো সেইটো মডেলেই যিটোৰ দ্বাৰা হিটলাৰে আত্মহত্যা কৰিছিল ।

২৩/ বণ্ডক বিভিন্ন ধৰণৰ আহিলা-পাতি দি সহায় কৰা বিজ্ঞানিক Q ৰ আচল নাম হল মেজৰ বুটসয়ৰ্ড । এওঁ Q নামেৰে বিখ্যাত ।

২৪/ ২০০৬ চনত মুক্তিপ্ৰাপ্ত কেচিন’ ৰয়েলৰ এটা দৃশ্যই ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

২৫/ ২৪ খন চলচিত্ৰৰ ভিতৰত You Only Live Twice খনত বণ্ডে কোনো ধৰণৰ গাড়ী নচলাই ।

২৬/ ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত A View To A Kill প্ৰথমখন বণ্ড চলচ্চিত্ৰ যাক ভিডিও গেমলৈ পৰিৱৰ্তন কৰা হৈছিল ।

২৭/ আমাৰ সকলোৰে প্রিয় মিষ্টাৰ বিন খ্যাত ৰ’ৱান এটকিংছনে চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত বণ্ড ফিল্ম Never Say Never Again ৰ জৰিয়তে ।

২৮/ জেমচ বণ্ড চিৰিজে বৰ্তমানলৈকে 5টা অস্কাৰ, ৩টা গোল্ডেন গ্লোব, 4টা BAFTA, ৩টা গ্ৰেমী আৰু ৩টা SATURN বঁটা লাভ কৰিছে । লগতে skyfall চলচ্চিত্ৰখনে ২০১৩ বৰ্ষৰ শ্ৰেষ্ঠ ব্ৰিটিছ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিছে ।

২৯/ জেমচ বণ্ড ছবি Thunderballৰ বাবে এষ্ট্ৰন মাৰ্টিনৰ DB5 কাৰখনত মুঠ ১৩ টা নতুন বৈশিষ্ট্য সংযুক্ত কৰা হৈছিল । পিছলৈ এই গাড়ী বণ্ডৰ গল্ডফিংগাৰ, স্কাইফলত ব্যৱহাৰ কৰা হৈছিল । বণ্ড কাৰ হিচাপে খ্যাত এই গাড়ী ২০১৯চনত ৪৫ কোটি টকাত নিলাম কৰা হয় । নিলামত এই গাড়ী বিক্ৰী হবলৈ লাগিছিল মাত্ৰ ৫ চেকেণ্ড ।

৩০/ ষ্টিভেন স্পীলবাৰ্গ আৰু জেমচ বণ্ড- বিশ্ব বিখ্যাত চলচিত্ৰ নিৰ্মাতা ষ্টিভেন স্পীলবাৰ্গৰ এটা সপোন আছিল এখন জেমচ বণ্ড চলচ্চিত্ৰ পৰিচালনা কৰাৰ । ১৯৭৭ চনত মুক্তি পাবলগীয়া বণ্ড চলচ্চিত্ৰ The Spy Who Loved Me ৰ বাবে স্পীলবাৰ্গৰ নাম উচ্চাৰণ হৈছিল যদিও কিবা মনোমালিন্যৰ বাবে স্পীলবাৰ্গৰ হাতৰ পৰা এইখন চিনেমা হেৰাই যায় । স্পীলবাৰ্গে নিজে বণ্ডৰ প্ৰয়োজকক তেওঁৰ আগ্ৰহৰ বিষয়ে কোৱাৰ পিছতো কোনো সুফল লাভ নকৰিলে । সেয়ে তেওঁ মনৰ হেঁপাহ পূৰাবলৈ বন্ধু জৰ্জ লুকাছৰ সহায়ত নিৰ্মান কৰে নিজা চিৰিজ ‘ইণ্ডিয়ানা জ’নছ’ ।

সদৌ শেষত প্ৰায় ২,২৩৩ কোটি টকাৰে নিৰ্মিত আহিবলগীয়া জেমচ বণ্ড চলচিত্ৰ “NO TIME TO DIE” যাতে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়, তাৰে কামনাৰে এজেন্ট ০০৭ অৰ্থাৎ বণ্ড, জেমচ বণ্ডলৈ থাকিল অলেখ শুভকামনা ।

লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল নপমীয়া গাঁও, শিৱসাগৰ জিলা, অসম