বটদ্ৰবা থানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

বটদ্ৰবা থানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা 

টুকটুকী,ৰঙিলী বাৰ্ত্তা,–  মুখমন্ত্ৰী ড° শৰ্মাৰ উদ্যোগ আৰু তৎপৰতাত জগত গুৰুজনাৰ জন্মস্থানত বিশেষকৈ পৰ্য্যটন ক্ষেত্ৰৰ বিকাশ -গুৰুদুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্ৰচাৰ প্ৰসাৰৰ সম্ভাৱনাই বটদ্ৰৱাৰঅঞ্চলবাসীৰ মাজত সঞ্চাৰ কৰিছে আশাবাদৰ প্ৰতিফলন। ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঠনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হ’ল বটদ্ৰৱা থান। মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত বটদ্ৰৱা থানৰ উন্নত মানৰ বৈদ্যুতিকৰণৰ কামখিনি সম্পূৰ্ণ হৈছিল।
আজি দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয়। বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ গুৰুআসন প্ৰতিষ্ঠাৰ সাংস্কৃতিক কাৰ্য্যক্ৰমনিকাত অংশ গ্ৰহন কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই নিজহাতে ফিটা কাটি ন কৈ সজাই তোলা বটদ্ৰৱা কীৰ্তনঘৰৰ দ্বাৰ উন্মোচন কৰে। সত্ৰাধিকাৰ সকল, ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত গুৰুআসন প্ৰতিষ্ঠাৰ কাৰ্য্য ক্ৰমনিকাত অংশ গ্ৰহন কৰে মাননীয় মুখ্যমন্ত্ৰীয়ে ।মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ব্যক্তিগত উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱা থানৰ কীৰ্তনঘৰ নতুন ৰূপত নিৰ্মান হৈ উঠিল। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। গায়ন বায়ন আই সকলৰ নামেৰে মুখ্যমন্ত্ৰীক আদৰি অনা হ’ল বটদ্ৰৱা থানলৈ। । মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। বটদ্ৰৱা থানত সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱ সকলে তেওঁ দীৰ্ঘজীৱি হ’বলৈ–নিষ্ঠাৰে জাতিৰ সেৱা আগবঢ়ায় যাবলৈ হিয়া উজাৰি আশীৰ্বাদ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাক। ধৰ্মবস্ত্ৰ, কুঁহিলাৰ কঠ, শৰাই, চেলেং চাদৰ , সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় মাননীয় মুখ্যমন্ত্ৰীক ।ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত । প্ৰকাশ থাকে যে গুৰুজনাৰ এই জন্মস্থানতে বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান ১৯৭৪ চনতে বাগ্মীবৰ ককা নীলমনি ফুকন , সাহিত্যচাৰ্য্য ড° যজ্ঞেশ্বৰ শৰ্মা প্ৰভৃতি মহান জাতীয় জীৱনৰ কাণ্ডাৰী সকলে প্ৰতিষ্ঠা কৰিছিল। সেই ঐতিহাসিক অনুষ্ঠানত আজিও ১২০০ খন সাঁচিপাতৰ পুথি মজুত আছে। পাঁচ শতাধিক তুলাপতীয়া পুথি মজুত আছে। বিশ্বমানৰ ৮০০০ খন গৱেষণা গ্ৰন্থ গৱেষণা প্ৰতিষ্ঠানত মজুত আছে । মুখ্যমন্ত্ৰীয়ে প্ৰথম বাৰৰ বাবে বটদ্ৰৱা শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানলৈ আহিছে। ইয়াৰ পিছত বটদ্ৰৱাৰ দাঁতিকাষৰীয়া মুছলমান অধ্যুষিত এলেকাত থকা কোবাইকটা সত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড ° শৰ্মাই। কোবাইকটা সত্ৰত আইসতীৰাধিকাৰ জন্মস্থান। অসম আন্দোলনৰ পিছত এই সত্ৰখন পৰিত্যক্ত অৱস্থাত আছিল। প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী আহিল কোবাইকটা সত্ৰ দৰ্শন কৰিবলৈ। মুখ্যমন্ত্ৰীৰ আগমনক লৈ সমগ্ৰ অঞ্চলটোতে যেন উখল মাখল পৰিৱেশ।
আদিলুৰ ৰসমান
টুকটুকী
প্ৰতিবেদন