বজ্ৰপাতৰ ফলত পশ্চিম বংগত মৃত্যু হয় কমেও ২৭ জন লোকৰ

pc The Economic Times

অনলাইন বাৰ্ত্তাসেৱা – সোমবাৰে সন্ধিয়া বজ্ৰপাতৰ ফলত পশ্চিম বংগত কমেও ২৭ জন লোকৰ মৃত্যু হয়। হুগলীত মৃত্যু হয় এঘাৰজন লোকৰ, মুৰ্শিদাবাদত নজন লোকৰ, পূব আৰু পশ্চিম মেদিনীপুৰ আৰু বাংকুৰাত দুজনকৈ লোক ৰ মৃত্যু হয় আৰু নাদিয়াত এজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় বহু লোকৰ।

পশ্চিম বংগৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতৰ ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পশ্চিম বংগৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতৰ ঘটনাত আত্মীয়-স্বজনক হেৰুৱাবলগীয়া হোৱা সকলৰ প্ৰতি মই সমবেদনা জনাইছো। এই ঘটনাত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো”।

ইফালে, প্ৰধানমন্ত্ৰীয়ে ‘পি.এম.এন.আৰ.এফ.’ পুঁজিৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।