বজালীত এইবাৰ গণতান্ত্ৰিকভাবে নিৰ্বাচিত কোঁচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

P.c. Facebook

বজালীত এইবাৰ গণতান্ত্ৰিকভাবে নিৰ্বাচিত কোঁচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭জানুৱাৰীত পাঠশালাত সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ নামত এখন সংবাদ মেল দিয়াৰ পিছতে  পুনৰ সংগঠনটোৰ বৈধ সভাপতি প্ৰণৱ নাৰায়ণে সংবাদ মেল আয়োজন কৰি ৭ জানুৱাৰীৰ সংবাদ মেলখনক অবৈধ আখ্যা দিয়ে । বজালীত ২০১২ চনৰ পৰাই কোঁচ ৰাজবংশী সন্মিলনীৰ কোনো বৈধ সমিতি নাই বুলি উল্লেখ কৰি সংবাদ মেলত প্ৰণৱ নাৰায়ণে উল্লেখ কৰে যে কনক ৰয় নামৰ এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি বজালীত কোঁচ ৰাজবংশী সন্মিলনীৰ নামত ছিণ্ডিকেট চলাই আহিছে । অ’বিচি প্ৰমাণ পত্ৰ দিয়াৰ নামত অবৈধ ধনৰ লেনদেন কৰা তথা নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰাৰ্থীৰ পৰা বুজন পৰিমাণৰ ধন আদায় কৰা কনক ৰয় নামৰ ব্যক্তিগৰাকীৰ কোঁচ ৰাজবংশী সন্মিলনীৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই । নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সন্মিলনীক ব্যৱহাৰ কৰি ভৱিষ্যত দিনত কাম কাজ চলালে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব বুলি সংবাদ মেল যোগে সকীয়াই দিয়ে । তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত একো মাত নমতা বুলি অনা অভিযোগ নস্যাৎ কৰি তেওঁলোকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰা বুলি উল্লেখ কৰে । আনহাতে বজালীত কোঁচ ৰাজবংশী সন্মিলনীৰ ৩১জনীয়া এখন তদৰ্থ কমিটী গঠন কৰা বুলি সংবাদ মেল যোগে প্ৰকাশ কৰে ।