বছৰৰ আৰম্ভণিতে পুনৰ গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লুভীয়া পুলিচ। বছৰৰ আৰম্ভণিতে হাতে-লোটে গ্ৰেপ্তাৰ কনিষ্টবল নিৰন ধৰ পাৱ।ধেমাজি জিলাৰ বৰদলনি আৰক্ষী থানাৰ কনিষ্টবলজনক দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে। কনিষ্টবল নিৰন ধৰ পাৱেক ধনৰ বিনিয়মত অভিযুক্তক সকাহ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে। টুইটযোগে এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।