বছৰটোৰ প্ৰথমটো সূৰ্য গ্ৰহণ

pc Moneycontrol

অনলাইন বাৰ্ত্তাসেৱা – অহা বৃহস্পতিবাৰ অৰ্থাৎ ১০ জুন তাৰিখে দেখা যাব ২০২১ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ। এই সূৰ্য গ্ৰহণ ভাৰতত অৰুণাচলৰ দৰে কিছু প্ৰদেশতহে দেখা যাব। NASA ই প্ৰকাশ কৰা অনুসৰি, ইয়াক ৰুচ, কানাডা আৰু গ্ৰীণলেণ্ডৰ পৰা প্ৰত্যক্ষ কৰিব পৰা যাব। ই প্ৰথমে কানাডাৰ উত্তৰ প্ৰান্তত প্ৰত্যক্ষ হ’ব। পূৰ্ণ সূৰ্য গ্ৰহণ দেখা পোৱা যাব গ্ৰীণলেণ্ডৰ পৰা। ইয়াৰ অন্তত চাইবেৰিয়াৰ উত্তৰ প্ৰান্ততো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব।