বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে ৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীক ছুটি প্ৰদান

Pc The Janambhumi

বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে ৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীক ছুটি প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে অহা ৬ আৰু ৭ জানুৱাৰী দিন দুটা পিতৃ-মাতৃ, শহুৰ-শাহুৰ ঘৰলৈ যোৱাৰ বাবে নৈমিত্তিক ছুটী প্রদান কৰিছে। বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সেই বিষয়ে সিদ্ধান্ত গ্ৰহণৰ পিছতেই সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্বনে সেই সম্পর্কত আনুষ্ঠানিক জাননী প্ৰকাশ কৰে। জাননীখনত ৮ জানুৱাৰীৰ দিনটো দ্বিতীয় শনিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ হোৱা হেতু চৰকাৰী কৰ্মচাৰীসকলে ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰী পর্যন্ত পিতৃ-মাতৃ, শহুৰ-শাহুৰ ঘৰত কটাব পাৰিব বুলি কোৱা হৈছে। জাননীখনত লগতে মন্ত্রীসকলেও এই সুবিধা ল’ব পাৰিব বুলি উল্লেখ কৰি সংশ্লিষ্ট দিনকেইটাত তেওঁলোকেও পিতৃ-মাতৃ, শহুৰ-শাহুৰ ঘৰত কটাব পাৰিব বুলি কোৱা হৈছে। উল্লেখ্য যে চৰকাৰী কৰ্মচাৰীসকলক পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে কটোৱাৰ সুবিধা প্ৰদান কৰিয়েই অসম চৰকাৰে প্ৰথমবাৰৰ বাবে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ পূৰ্বে কোনো চৰকাৰে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। যিসকল কৰ্মচাৰীৰ লগতেই পিতৃ-মাতৃ থাকে, সেইসকলকো উক্ত দিনকেইটা পিতৃ মাতক লৈ ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰতো চৰকাৰে অনুমতি প্রদান কৰিছে।