বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজন যুৱকৰ

বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজন যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ এজন যুৱকৰ।জানিব পৰা মতে যুৱকজনৰ ঘৰ ডিগবৈত। বৰবৰুৱা চুকাফা তিনিআলিৰ পৰা অৰুণাচলৰ দিশে গৈ থকা এখন এল্ট’ গাড়ীত লিফ্ট বিচাৰি গাড়ীখনত উঠি গৈছিল যুৱকজন। হঠাৎ বগীবিল দলঙৰ মাজত ল’ৰাজনে বমি লগা বুলি কৈ গাড়ীখনৰ পৰা নামে আৰু নদীত জপিয়াই দিয়ে। যুৱকজনে অৰুণাচলত ইঞ্জনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰি আছিল বুলি জানিব পৰা গৈছে। যুৱকজনক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লেপটপ, মোবাইলসহ কিছু সামগ্ৰী। এইপৰ্যন্ত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।