অনলাইন বাৰ্ত্তাসেৱা – পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান, পশ্চিম বৰ্ধমান, পশ্চিম মেদিনীপুৰ, হুগলী, হাওৰা আৰু দক্ষিণ ২৪ পৰগণাত ধাৰাসাৰ বৰষুণ আৰু বান্ধৰ পৰা এৰি দিয়া পানীৰ ফলত ১৪ জন লোক মৃত্যু মুখত পৰে আৰু প্ৰায় ২.৫ লাখ লোক ঘৰৰ পৰা স্থানান্তৰিত হয়। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্ত্ৰীসকলক ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে বুলি এজন বিষয়াৰ পৰা জানিব পৰা গৈছে। সেনাই হুগলীত উদ্ধাৰ অভিযান হাতত লৈছে।
(UD.)