ফৰ লেনৰ কামত নিয়োজিত কৰ্মচাৰীক অপহৰণ

pc punch newspapers

ফৰ লেনৰ কামত নিয়োজিত কৰ্মচাৰীক অপহৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  কাবিং আংলং জিলাৰ সকলো উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰাৰ পিছত নিশা এক অপহৰণৰ ঘটনা সংঘটিত হয় ৷ যি ঘটনাই পুনৰ পাহাৰীয়া জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি নিশা ডেৰ বজাত ফৰ লেনৰ কামত নিয়োজিত জে চি বিৰ চালক অশোক যাদৱক ৩ জনীয়া গটা দলে অপহৰণ কৰি নিয়ে ৷ ডবকাৰ পৰা ডিমাপুৰলৈ নিৰ্মাণ হৈ থকা ফৰ লেন পথৰ কামৰ বাবে পাথৰ অনা হৈছে ডংহাপৰ পৰা ৷ ডংহাপৰ পাহাৰত কোম্পানীৰ কিছু লোকে দিনেনিশাই পাহাৰ কাটি পাথৰ আনে ৷ তাৰে পৰা জে চি বিৰ চালক গৰাকীৰ অপহৰণ কৰে দলটোৱে ৷ প্ৰত্যক্ষদৰ্শী আন কৰ্মচাৰী সকলে অপহৰণকাৰী দলটোৰ হাতত কোনো মৰণাস্ত্ৰ দেখা নাই বুলি আৰক্ষীক জানিবলৈ দিছে ৷ বিহাৰৰ চালক গৰাকীক লৈ দলটো পাহাৰৰ ঘন অৰণ্যলৈ আতঁৰি যায় ৷ এই খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ কোনো অপৰাধী চক্ৰই এই অপহৰণ কাণ্ড সংঘটিত কৰিছে যে তাত সন্দেহ নাই ৷ আৰক্ষীয়ে অপহৃত চালক গৰাকীক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷