ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্টেক্সে কোভিড-১৯ত পজিটিভ

Pc Zee News

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্টেক্সে কোভিড-১৯ত পজিটিভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাষ্টেক্সে চুবুৰীয়া বেলজিয়াম ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত কোভিড-১৯ৰ পৰীক্ষা কৰাত পজিটিভ বুলি ধৰা পৰিছে। কৰোনাভাইৰাছৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা কেষ্টেক্সে বেলজিয়ামৰ পৰা উভতি অহাৰ পিছত তেওঁৰ এজনী ছোৱালী কৰʼনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত তেওঁ পৰীক্ষাটো কৰিছিল।বেলজিয়ামৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰু নিজে আইচোলেশনত আছে। কেষ্টেক্সে তেওঁৰ ভ্ৰমণৰ সময়ত তেওঁক লগ পাইছিল।