ফ্ৰান্সত কৰ’নাৰ চতুৰ্থ লহৰৰ আৰম্ভনি

pc Reuters

অনলাইন বাৰ্ত্তাসেৱা – ফ্ৰান্সত চলচ্চিত্র গৃহ, সংগ্ৰহালয় আৰু ক্ৰীড়া ক্ষেত্ৰসমূহলৈ যোৱা লোকে প্রতিষেধক গ্ৰহণ কৰা নথি বা কৰ’না নিগেটিভ হোৱাৰ তথ্য দাখিল কৰিবল লাগে। বিশেষকৈ ৫০জনতকৈ অধিক লোক সমবেত হোৱা ঠাইত এই নথি দাখিল কৰিবলগীয়া হৈছে ফ্ৰান্সত। কৰ’নাৰ চতুৰ্থ লহৰ প্ৰতিৰোধ কৰাৰ বাবে এনেদৰে অধিক লোক সমবেত হোৱা স্থানত প্রতিষেধক গ্রহণ বা কৰ’না নিগেটিভ হোৱাৰ তথ্য প্ৰদৰ্শন কৰিবলগীয়া হয় নাগৰিকসকলে। ইফালে দেশখনৰ শ্বপিং চেণ্টাৰ, ৰেষ্টুৰেণ্ট আৰু কেফেসমূহ আগষ্ট মাহলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। প্রধানমন্ত্রী জিয়ান কাষ্টেক্সে ব্যক্ত কৰা মতে নতুন সংক্রমণ প্ৰতিৰোধ কৰাৰ বাবে কিছুমান বিধি বলৱৎ কৰা হৈছে। আনহাতে, বুধবাৰে ফ্ৰান্সত ২১ হেজাৰ লোক নতুনকৈ কৰ’না ভাইৰাছত সংক্রমিত হয়। মে’ মাহৰ পৰা দেশখনত অব্যাহত থকা এয়া সংক্ৰমণৰ সৰ্বাধিক পৰিসংখ্যা। এক টেলিভিছন বার্তাত প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰা মতে, সম্প্রতি দেশখনত কৰ’নাৰ চতুৰ্থ লহৰ আৰম্ভ হৈছে।

(UD.)