ফিটনেছ চাৰ্টিফিকেট অবিহনে পুনৰ মুকলি কৰা হৈছিল গুজৰাটৰ দলংখন

Pc NDTV.com

ফিটনেছ চাৰ্টিফিকেট অবিহনে পুনৰ মুকলি কৰা হৈছিল গুজৰাটৰ দলংখন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে খহি পৰা গুজৰাটৰ মৰবিৰ ১৪০ বছৰ পুৰণি দলংখন সাত মাহ পূৰ্বে মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হৈছিল আৰু ফিটনেছ প্ৰমাণপত্ৰ অবিহনে ২৬ অক্টোবৰত পুনৰ মুকলি কৰা হৈছিল। দলংখনৰ ৰক্ষণাবেক্ষণৰ বাবে অৰেভা গ্ৰুপ (অজন্ত মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড)ক অৰ্পণ কৰা হৈছিল। বিষয়াসকলে কয় যে ব্যক্তিগত প্ৰতিষ্ঠানটোৱে আমাক অৱগত নকৰাকৈয়ে দলংখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি পেলাইছিল।