ফাল্গুৎসৱ- মন শৰ্মা

ফাল্গুৎসৱ 

তোমাৰ মনত‌ পৰা নাই চাগে,

ধেৎত

কি বোৰ যে ভাব আহে

পাহৰি যাওঁ

তুমি যে আনৰ

সকলো মান অভিমান

আৰু ক’ত যে আবদাৰ

সকলো আনৰ‌ কৰি দিলা,

সেই বেদনা পৃথিৱীৰ

কঠিনতম কষ্ট

এৰিছো মনত পেলাব

তথাপিও মনত পৰে

তিনি আলিৰ তোমাৰ ঘৰৰ সন্মুখত

লগৰ বোৰৰ লগত আবিৰ লৈ

আদ্দা দিয়া সেই দিনবোৰ

আৰু তুমি ৰঙ লগোৱাৰ ভয়ত

ঘৰৰ পৰা নোলায়

খিৰিকীৰে জুমি চোৱা,

কিবা এটা ভাল লগা অনুভৱে

মন চুই গৈছিল,

আজি আবিৰ বোৰ

আবিৰ হৈয়ে থাকিল

আৰু নাই মাথোঁ তুমি

তোমাৰ ঘৰৰ সন্মুখত

এতিয়া আৰু আদ্দা নাই

আছোঁ মাথোঁ অকলশৰে

এৰি থৈ যোৱা

মৰম আৰু ভালপোৱাৰ

আবিৰ সানি ।

কি কৰিবা কোৱা

আবিৰ বোৰে ও যে

বৰকৈ আমনি কৰে

সেইদিনা বোৰ মনত পেলাই ।

মন শৰ্মা

গুৱাহাটী , কামাখ্যা