ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত

PC - The Meghalayan

ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত

ৰঙিলী বাৰ্ত্তাসেৱা-  ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত।ভুৱা প্ৰশ্নকাকত ফাদিল কৰা ছাত্ৰক আটক নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে আটক কৰিছে মাচুম আলীক। ভুগোলৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰিছিল মাচুম আলীয়ে। শিক্ষা বিষয়া মৃদুল কুমাৰ নাথে আৰক্ষীক দাখিল কৰা এজাহাৰত অভিযুক্ত কৰা হৈছিল মাছুম আলি নামৰ ছাত্ৰজনক ৷ মাছুম আলিয়ে ভূগোল বিষয়ৰ ভূৱা প্ৰশ্নকাকত এটি হোৱাটচ এপ গ্ৰুপ বনাই প্ৰচাৰ কৰিছিল ৷২২৫জনীয়া হোৱাটচ এপ গ্ৰুপ খুলি মাচুমে ভাইৰেল কৰিছিল ভুৱা প্ৰশ্নকাকত। উল্লেখ্য যে, মাছুম আলি নগাঁৱৰ উত্তৰণ একাডেমিত অধ্যয়নৰত আছিল ৷ মাছুম হ’ল ডৰ্চন স্কুল পৰীক্ষা কেন্দ্ৰৰ মেট্ৰিক পৰীক্ষাৰ্থী ৷