” ফাগুন “- হিমাদ্ৰী বৰকটকী

pc Bangla Express.in

” ফাগুন “

ফাগুনৰ বলিয়া বা
পলাশে দিলে ফাগুনি অহাৰ বতৰা
কাচিয়লি ৰ’দৰে পোহৰতে
আউলী বাউলী হ’ল চুলিটাৰি
বাৰে বাৰে উৰে গাৰ কাপোৰখন
উঠা নমা কৰে উঠন বুকুখন
সিৰে সিৰে ৰন্ধে ৰন্ধে
বৈ যায় উশাহৰ চঞ্চলতা
প্ৰেমময় হৃদয়ত সিঁচি থৈ যায়
কিছু মিঠা মিঠা আশাৰ বতৰা
উস ! কি যে মাদকতা……
দেহ মন চুই যোৱা
উৰি যায় দেহ মন অজান মুলুকলৈ
দুচকুত ভাঁহিছিল ফাগুনৰ ৰং
বুজাব নোৱাৰা এক অবুজ শিহৰন
বাৰে বাৰে কানত বাজি উঠে
পৰাশৰে ৰং কোনেনো সানিলে
এই মিঠা সেউজ বননিত…….

হিমাদ্ৰী বৰকটকী
শিৱনগৰ ,২ নং উপপথ
নগাঁও