ফাগুন
*
আৰুবেলি উৰি আহিছিল এখন চিলা
পলাশ আৰু মদাৰৰে ৰঙোৱা
সূতাত মেৰিয়াই এটা ভালপোৱাৰ কবিতা
**
ৰঙা কাপোৰ পিন্ধি নোলাবা পাৰ্বতী
বাহিৰত ফাগুন
চঞ্চল বা
চুলিত বাহ বান্ধিব জঁটীয়া
*
এখুজি দুখুজিকৈ পাৰি দিয়া বাটত ৰঙাৰ চাদৰ
গছৰ পাত সৰুৱাই কান্দি মৰে কোন
বাউলী ফাগুন
**
এইবেলি আহিল এখন চিঠি
চিলা হৈ চিঠিৰ ঠিকনা
আকাশলৈ চোৱা
চৰাই হৈ উৰিছে চিঠিৰ কথা
ফাগুনক জানো বান্ধিব পাৰি
শিখা গোস্বামী মহন্ত