ফাগুন-অৰুণা গোস্বামী

ফাগুন

কিয় বাৰু আহিলি তই

লঠঙা ফাগুন ,

চৌদিশ ধূলিময়

 শুকান-শুকান ৷

থোপা-থোপাকৈ ফুলে

  শিমলু-মদাৰ ,

প্ৰকৃতিৰ কিনো ৰূপ

অতি চমৎকাৰ ৷

আকাশত জিলিকিছে

  ৰঙীন পলাশ ,

কিয় বাৰু লাগে মন

 উদাশ- উদাশ ৷

গছবোৰ লঠঙা হয়

প্ৰকৃতিৰ নিয়ম ,

নতুনক আদৰাৰ

   সাজোন-কাচোন ৷

দেহাবোৰ ভাগৰুৱা

ৰিঙা-ৰিঙা মন ,

তথাপিও ভাল লাগে

  ৰঙীন ফাগুন ৷

ফাকুৱাৰ ৰং-ৰূপ

 দেহা পৰে শাঁত ,

গছে গছে দেখা পাওঁ

 সেউজীয়া পাত ৷

 

-অৰুণা গোস্বামী 

                                                             তিতাবৰ