ফল্গুৎসৱ – সুষমা গোস্বামী

p.c. wikipedia

ফল্গুৎসৱ 

আহিল আহিল , আকৌ আহিল,
দৌল মহোৎসৱ
আবীৰৰ বোলেৰে , পৰাণখনি বোলাবলৈ ,
লগাই উথপ্ থপ্ ।
হোলী গীতেৰে মুখৰিত
সত্ৰৰ বৰ নামঘৰ ।

গুৰুজনাৰ জন্মভূমি , বটদ্ৰবা স্থানে
ৰঙ্গৰ উৎসৱটি পাতিলে সৱে
আকাশী গঙ্গাৰ পাৰতে আহি
অতি হৰিষ মনে ।

অস্থায়ী ভাৱেৰে সাজি উলিওৱা ,
নতুন গৃহটিত
সুমুৱালে শ্ৰী হৰিক , নতুন বস্ত্ৰ দি।

উৎফুল্লিত বৰদোৱা বাসী……
প্ৰণামিলে শ্ৰী হৰিক ,
কৰি স্ত্ততি – নতি ।

ঐতিহ্যপূৰ্ণ মাজুলীৰ
গড়মূৰ সত্ৰখনিত
মেষ দাহ পৰ্বেৰে ,
পতাৰ আয়োজন কৰে
ফাঁকুৱা উৎসৱটি ।

অপাৰ কৰুণাময়
কৰা কৃপা মধুসূদন
অপায় – অমঙ্গল আৰু
মাৰি – মাৰকেৰে….
ভৰিপৰা জগতবাসীক ,
চোঁৱা চকু মেলি ,
হে প্ৰভু…..
চোঁৱা চকু মেলি ॥

সুষমা গোস্বামী ,

যোৰহাট