ফটাশিল বজাৰত সৃষ্টি হোৱা যান জঁটে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

pc Shutterstock

মহানগৰীৰ গড়চুক-ভৰলু সংযোগী পথৰ ফটাশিল বজাৰত নিতৌ সৃষ্টি হোৱা ব্যাপক যান-জঁটে সকলোকে আহুকালত পেলাই আহিছে। বিশেষকৈ অকৰ্তৃত্বশীলভাৱে পথৰ দাঁতিত, পদপথৰ ওপৰত বহা দোকান পোহাৰৰ ফলতে নিতৌ সৃষ্টি হোৱা যান-জঁটৰ বাবে নিৰ্ধাৰিত সময়ত গন্তব্য স্থান পোৱাটো দুৰূহ হৈ পৰে সাধাৰণ ৰাইজৰ। বিশেষকৈ ফটাশিল বজাৰৰ পথৰ দাতিত, পদপথৰ ওপৰত ‘শাক-পাচলি, ফলমূল, মাছ-মাংস, জোতা চেণ্ডেলৰ দোকানকে ধৰি বিভিন্ন দোকান-পোহাৰ গঢ় লৈ উঠাত একাংশ লোকে এনে ধৰণৰ দোকানৰ পৰা বয়বস্তু ক্রয় কৰে৷ বহু নাগৰিকে নিজৰ দুচকীয়া, চাৰিচকীয়া বাহন পথৰ দাঁতিত ৰখাই বজাৰ-সমাৰ কৰাৰ ফলত পথটোত সৃষ্টি হয় তীব্র যান-জঁট। দীঘলীয়া যান-জঁটত দীর্ঘ সময় ধৰি আবদ্ধ হ’বলগা হয় শতাধিক যান বাহন ৷ মুঠৰ ওপৰত ফটাশিল বজাৰত সৃষ্টি হোৱা যান জঁটে বাৰুকৈয়ে জলা-কলা খুৱাই আহিছে সৰ্বসাধাৰণ ৰাইজক।