ফটাশিল আমবাৰীত শ্বহীদ দিৱস উদযাপন  তিনি শ্বহীদ পৰিয়ালক ৰাজহুৱাকৈ  সম্বৰ্ধনা

ফটাশিল আমবাৰীত শ্বহীদ দিৱস উদযাপন  তিনি শ্বহীদ পৰিয়ালক ৰাজহুৱাকৈ  সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আৰু ৭ নং মহানগৰ ৱাৰ্ড সমিতিৰ সহযোগত ফটাশিল আমবাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত ছয়  বছৰীয়া বিদেশী বহিস্কৰণ আন্দোলনৰ জাতীয় শ্বহীদ সকলক স্মৰণ কৰাৰ উদ্দেশ্যে শ্বহীদ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদেশী বহিস্কৰণ আন্দোলনৰ তিনি গৰাকী শ্বহীদ পৰিয়ালৰ লোক ক্ৰমে – শ্বহীদ মহেন্দ্ৰ দাসৰ সহধৰ্মিনী ৰেণুবালা দাস , শ্বহীদ মহন্ত দাসৰ সহধৰ্মিনী কমলা দাস আৰু শ্বহীদ ভুৱনেশ্বৰ তালুকদাৰৰ ভগ্নী মামণি তালুকদাৰক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় । আনহাতে অগপৰ কেন্দ্ৰীয় কমিটীৰ সম্পাদক সুভাষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত সকলোকে আদৰণি জনায় গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়াই । অনুষ্ঠানত বিশিষ্ট গল্পকাৰ  ৰিজু হাজৰিকাই মুখ্য অতিথি হিচাপে ভাগ লৈ অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি যি  লক্ষ্যৰ  বাবে প্ৰায়  ৮৫৫ জন শ্বহীদে প্ৰাণ আহুতি দিলে সেই লক্ষ্য অতিক্ৰম কৰিবলৈ এতিয়াও বহুদূৰ বাকী আছে বুলি আক্ষেপ প্ৰকাশ কৰে । অনুষ্ঠানত বি জে পি নেতা হীৰেণ মেধি ,  অগপৰ কামৰূপ জিলা কমিটীৰ সম্পাদক পৰেশ বৰুৱা ,  পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী ,  পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ সাধাৰণ সম্পাদিকা সংগীতা ৰাজবংশী , ৭ নং ৱাৰ্ড কমিটীৰ সভাপতি ভূপেন্দ্ৰ নাথ সোণোৱাল , সম্পাদক উজ্বল কলিতা , দিগাম্বৰ কলিতাৰ উপৰিও গোলাপ ডেকা , হেমেন ডেকাকে ধৰি কেবাজনো অগপ – বি জে পি নেতা উপস্থিত থাকে । আৰম্ভণিতে শ্বহীদ তৰ্পণ কৰে সম্বৰ্ধনা গ্ৰহণ কৰা  শ্বহীদ পৰিয়ালৰ তিনিওগৰাকী লোকে । অনুষ্ঠানত  অগপৰ  উপৰিও দলটোৰ ভাতৃ – ভগ্নী সংগঠন সমূহৰ পশ্চিম গুৱাহাটীৰ ৮ টা ৱাৰ্ড  আৰু ৮ খন গাঁও পঞ্চায়তৰ সভাপতি – সম্পাদককে ধৰি আন আন কৰ্মকর্তা ,  শতাধিক সদস্য  উপস্থিত থাকে ।