পৰ্যটকৰ বাবে মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ ১১,০০০ ফুট উচ্চতাৰ গাৰ্টাং গালি কাঠৰ দলং

pc National Herald

পৰ্যটকৰ বাবে মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ ১১,০০০ ফুট উচ্চতাৰ গাৰ্টাং গালি কাঠৰ দলং

অনলাইন বাৰ্ত্তাসেৱা – উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ১১,০০০ ফুট উচ্চতাত অৱস্থিত গাৰ্টাং গালি কাঠৰ দলংখন বুধবাৰে নৱীকৰণ কৰাৰ পিছত পৰ্যটকসকলৰ বাবে মুকলি কৰা হয়। দলংখন ১৩৬ মিটাৰ দীঘল আৰু ১.৮ মিটাৰ বহল। “পি.ডব্লিউ.ডি.য়ে (PWD) ইয়াক ৬৫ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা হৈছে। ভ্ৰমণৰ বাবে আগ্ৰহী লোকসকলে ভৈৰৱ ঘাটি আউটপ’ষ্টত ইয়াৰ বাবে পঞ্জীয়ন কৰিব লাগিব,” উত্তৰকাশীৰ ডি.এম. ময়ূৰ দীক্ষিতে কয়।

(UD.)