পৰীক্ষাৰ ফলাফল আৰু পৰীক্ষাৰ্থী সকলৰ অসন্তুষ্টি- ফখৰুদ্দিন আহমেদ

pc-Simple Wikipedia

পৰীক্ষাৰ ফলাফল আৰু পৰীক্ষাৰ্থী সকলৰ অসন্তুষ্টি
~~~~~~~

ফখৰুদ্দিন আহমেদ

প্ৰায় দেৰ দুবছৰ পূৰ্বে এগৰাকী বন্ধুলৈ ফোন কৰিবলৈ মোবাইলত নম্বৰ ডায়েল কৰোতে ভুলতে এটি সংখ্যা বেলেগকৈ টিপি দিয়াত ফোনটো লাগিছিল গৈ ডিব্ৰুগড়ত ।আনটো ফালৰ পৰা কোমল সুৰৰ মাত শুনি নিশ্চিত হৈছিলো আনটো মুৰত মোৰ কল ধৰোতাজন মোৰ বন্ধু নহয় , আন কোনোবাহে। কোমল সুৰৰ পুৰুষ কন্ঠৰ পৰা অনুমান কৰিলো কোনোবা কিশোেৰ হ’ব। মই কিশোৰ জনক পৰিচয় পাতি লৈ উঠি সৌজন্যতাৰে মাফ বিচাৰিলো। তেতিয়া তেও মোৰ পৰিচয় বিচাৰিলে। যিহেতু মই তেওৰ পৰিচয় ইতিমধ্যে লৈ থৈছো , মোৰ পৰিচয় নিদিয়াৰ কথাই আহিব নোৱাৰে। তেওৰ পৰিচয় মোক দিওতে গম পাইছিলো যে তেও নবম শ্ৰেনীত পঢ়ি আছে ।মই তেওক পৰিচয় দিওতে তেও গম পাই গ’ল মই শিক্ষকতাৰ লগত জড়িত ব্যক্তি ।তেও মানে ৰক্তিমে লগে লগে মোক ” চাৰ ” বুলি সম্বোধন কৰিলে আৰু ময়ো সেই দিনাৰ পৰা তেওক কেতিয়াবা “বোপা ” আৰু কেতিয়াবা ” ৰক্তিম” বুলিয়েই সম্বোধন কৰি আহিছো।
আমি দুয়ো এতিয়ালৈ দুয়োকে দেখা নাই।মাজে সময়ে দুয়ো ফোনত পঢ়া শুনাৰ বিষয়ে আলাপ কৰো।যিমান পাৰো ৰক্তিম বোপাক উৎসাহিত কৰো।এনেকৈয়ে তেও মোৰ প্ৰিয় ছাত্ৰ সকলৰ এজন হৈ পৰিছিল মই নজনাকৈয়ে।
আজিৰ দিনটোলৈ মই ৰক্তিমৰ মা দেউতাৰ সৈতে ফোনত কথা পতা নাই ।কাৰন হ’ল ৰক্তিমে মোক তেওৰ পৰিয়ালৰ কথা ভাবিবলগীয়াকৈ কোনো সুযোগ দিয়া নাই ।আমি পঢ়াৰ দিশৰ কথাহে পাতো।
কভিড ১৯ ৰ ভয়াবহ পৰিস্থিতিত পৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ লগত চেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে চলিত ২০২১ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প পৰীক্ষা পদ্ধতি অৰ্থাৎ বিগত দুটা বছৰৰ পাৰদৰ্শিতাৰ ওপৰত কৰা মূল্যায়নৰে অসমৰ পৰীক্ষাৰ্থী সকলৰ ফলাফল ঘোষনা কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে। অসমত প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত নকৰাকৈ যোৱা ৩০ আৰু ৩১ জুলাইত কৰ্মে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষনা কৰা হৈ গ’ল।ফলাফল ঘোষনা কৰাৰ মাত্ৰ কেই সপ্তাহমান পূৰ্বে পৰীক্ষাৰ্থী সকলৰ ফলাফলৰ ক্ষেত্ৰত অৰ্থৰ লেনদেন হোৱাৰ অভিযোগত কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীক সোধপোছৰ বাবে আৰক্ষীয়ে থানালৈ লৈ যোৱাৰ দৰে এটি সাংঘাটিক বিবেকক আঁচুৰি যোৱা কান্ড সংঘটিত হৈছিল। এনেধৰনৰ ঘটনাই অসমৰ জনতাক ফলাফল সম্পৰ্কত সন্দিহান কৰি তুলিছিল।
ফলাফল ঘোষনা হৈ যোৱাৰ পিছত অসমৰ কিছুমান বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে চ’চিয়েল মেডিয়া , নিউজ চেনেল আৰু নিউজ পৰ্টেল সমূহত উষ্মা ভৰা বেদনাৰে নিজৰ বিদ্যালয় সমূহৰ ফলাদলক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে। ইংৰাজী , অসমীয়া মাতিব নোৱাৰা , পূৰ্বৰ গোট পৰীক্ষা সমূহত কোনো দিনেই পাছ কৰিব নোৱাৰা পৰীক্ষাৰ্থী সকলে কি দৰে ডিষ্টিংচন পালে বুলি তেনে পৰীক্ষাৰ্থীৰ নাম সহকাৰে প্ৰকাশ কৰিছে। পোনপটীয়াকৈ বিদ্যালয়ৰ প্ৰধানে তেনে ধৰনৰ পৰীক্ষাৰ্থী সকলৰ সৈতে অৰ্থৰ লেনদেন কৰি বেছিকৈ নম্বৰ দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
এইবাৰৰ ফলাফলত বহুতো পৰীক্ষাৰ্থীয়ে ৯৯% পাই পাছ কৰিছে । লিখিত পৰীক্ষাত ৯৯% পালেহেতেন জানো? সম্ভৱ হ’লেও সেয়া প্ৰায়েই বিৰল কাৰ্য।
ৰক্তিমে পুনৰ মোক ইং ৩১ জুলাই ২০২১ তাৰিখৰ ৰাতি প্ৰায় ৯-০০ বজা মানত ফোন কৰি তেওৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল অবগত কৰিলে। ৰক্তিমে পৰীক্ষাত দ্বিতীয় বিভাগ পালে। হতাশ নহ’লেও মনত তেওৰ বহুত আক্ষেপ আছে। কাৰন তেওঁ যি ধৰনে পৰীক্ষাৰ কাৰনে প্ৰস্তুতি চলাইছিল সেই অনুপাতে ফলাফল হোৱা নাই।
বিভিন্ন ধৰনৰ বাতৰি বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ প্ৰচাৰ হৈ আছে। তিনি চাৰি কিলোমিটাৰ খোজ কাঢ়ি গৈ প্ৰধান শিক্ষকৰ পদুলিৰ সমূখত পৰীক্ষাৰ্থীয়ে ধৰ্না কাৰ্যসুচী ৰূপায়ন কৰিছে।
মুঠৰ ওপৰত ফলাফলৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া বিৰাজমান।অসম চৰকাৰৰ শিক্ষা বিভাগে অনতি পলমে বিশেষ ভাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। যাতে ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থী সকলে নিজকে সন্তুষ্ট কৰিবলৈ লিখিত পৰীক্ষাত অবতীৰ্ন হ’ব পাৰে।