পৰিস্থিতিৰ দাস – অঞ্জুমণি শইকীয়া

pc WallpaperUP

 পৰিস্থিতিৰ দাস 

চাহ কাপ দিবলৈ আহি তাই দেখিলে , আজিও শাহুৱেকে ৰঙা হৈ পৰা কয়লাৰ ইস্ত্ৰিটো ডাঙিবলৈ চেষ্টা কৰি আছে ৷

“ মা ’ , আপুনি মনে মনে ইস্ত্ৰিটো জ্বলাই থাকে কিয় ? এতিয়াটো ইয়াৰ প্ৰয়োজন নাই ।’’

“ দেউতাক ঢুকুৱাৰ পিছত লোকৰ কাপোৰ ইস্ত্ৰি কৰিয়েই ইয়াক খুটি খাব পৰা কৰিলোঁ ৷ আজিকালি দেখোন দাঙিব নোৱাৰা হ’লো !”

“ তেতিয়া আপুনি পৰিস্থিতিত পৰিছিল ৷ এতিয়া বয়স হ’ল ৷ — — আৰাম কৰক ৷’’

বোৱাৰীয়েকে কয়লাখিনিত পানী ঢালি দিলে ৷

শাহুৱেকৰ মুখত সন্তুষ্টিৰ আভা বিয়পি পৰিল ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷