পৰিসীমা – ড০ ৰাস্না ৰাজখোৱা, জামুগুৰিহাট

pc Nadia La Russa

পৰিসীমা

ঘৰটোৰ সৈতে বাৰীখনৰ
এটা পৰিসীমা থকাৰ দৰে
সকলো পৰিঘটনাৰ এটা পৰিসীমা থাকে
দুখৰো পৰিসীমা থাকে
যেনেকৈ থাকে সুখৰ
সকলোৱে সহজে বুজি পাওঁ
পৰিসীমাৰ ভিতৰত
কুশলে থাকে সম্পৰ্ক
কুশলে থাকে সিদ্ধান্ত, অস্তিত্ব
সৰুতে শিক্ষকৰ পৰা
শিকিলো —
পৰিসীমা উলিয়াবলৈ
বৃত্ত, উপবৃত্ত, অধিবৃত্ত
অথবা
ত্ৰিভুজ, চতুৰ্ভুজ, বহুভুজৰ
নিশিকিলো
সুখী হ’ব পৰাকৈ
সপোন আৰু আশা-প্ৰত্যাশাৰ
পৰিসীমা উলিয়াবলৈ
সপোনৰ পৰা সপোন জন্ম হয়
দেখিলেহে ফলিয়াই সপোন
সপোন ফলিয়াবলৈ
সপোনৰো থাকিব লাগিব পৰিসীমা
আকা‍শ চুব খোজা সপোনবোৰ
বাৰে বাৰে
শূন্যতে বিলীন হয়|

ড০ ৰাস্না ৰাজখোৱা,
জামুগুৰিহাট, শোণিতপুৰ, অসম-৭৮৪১৮০
ফোন নং—৯৮৫৪৪৯২৩২৬