পৰিয়াল..শব্দটোৱেই এটা সাহস নহয়নে? – ববিতা বৰা

pc-immigration gurus

পৰিয়াল..শব্দটোৱেই এটা সাহস নহয়নে?

পৰিয়ালমানেই হাহিঁ আৰু সুখ-সাহসৰ অন্য নাম যি হাজাৰ বাধা আৰু সমস্যাৰ মাজতো আপোনাক জীয়াই ৰাখে দৃঢ় কৰি।এখন দেৱালৰ দৰে থিয় হৈ আপোনাক আশ্ৰয় দিয়ে জীৱন-মৃত্যুৰ প্ৰতিখন খেলত।
পৰিয়াল মানে কেৱল পত্নী বা স্বামী আৰু নিজ সন্তানকেই নুবুজায়।
পৰিয়ালে সামৰি লয় অঙহী-বঙহী আৰু মিতিৰ-কুটুম সকলোকে,জেষ্ঠ্যজনৰ পৰা কনিষ্ঠ জনলে।প্ৰজন্মৰ পৰা প্ৰজন্মলে।
সেইবাবেইটো পৰিয়াল হৈছে এখন সমাজৰ প্ৰাথমিক গোট।
কিন্তু সকলোৰে ভাগ্যত নাথাকে এই পৰিয়ালৰ সুখ।
কিছুসংখ্যক এনে লোক আছে,যি পৰিয়ালৰ স্বাৰ্থত নিজৰ প্ৰয়োজনীয়টোও ত্যাগ কৰে কিন্তু বিনিময়ত পাই শূণ্যতা।এনে লোকে,নিজৰ বিপদৰ সময়তো পৰিয়ালৰ পৰা সহযোগিতা নাপায় বা নাপায় এষাৰ উৎসাহৰ মাত।
সহায় কৰাটো কেৱল অৰ্থৰ দ্বাৰায়েই নহয়।
বিপদৰ সময়ত আচলতে মানুহৰ এষাৰ মাতেই যথেষ্ঠ যি মানুহৰ মনটোক সমস্যাৰ সৈতে যুজিঁবৰ বাবে সাহস দিয়ে।
অন্য কিছুসংখ্যক লোক আছে,যি আকৌ স্ব-ঈচ্ছায়েই নিবিচাৰে নিজৰ পৰিয়াল পৰিজন।এনে পৰিস্থিতি দুই ধৰণৰ ফলত সৃষ্টি হয়।
প্ৰথমে,হয়তো মানুহজন আত্মগৌৰৱী,যথেষ্ঠ ধনী আৰু স্বয়ম্ভূ।
দ্বিতীয় তে,হয়তো বা মানুহজনে সময়ৰ লগে লগে পৰিয়ালৰ মানুহবোৰৰ প্ৰকৃত ৰূপ দেখা পাইছে,উপলব্ধি কৰিব পাৰিছে কোন কেনেকুৱা আৰু কোনজনে কি ভাৱ ৰাখে মনত..সেইবাবেই সেই ব্যক্তিজন আতঁৰি থাকিব বিচাৰে পৰিয়ালৰ তেনে সদস্যৰ পৰা যি মৰমৰ আৰঁত পেটত ৰাখে গৰলৰ টোপোলা।
প্ৰকৃততে,আজিৰ পৰিস্থিতি যদি ভালকৈ চাওঁ দেখা পাম যে এতিয়াৰ প্ৰায়বোৰ পৰিয়ালৰ সদস্যৰ মাজতেই ভেদা-ভেদি,খৰিয়াল বা হিংসুকতাৰ ভাৱ বেছি,চকুচৰহা।এজনৰ উন্নতি সহ্য নহয় আনজনৰ।
বহুতে আকৌ স্বাৰ্থৰ বাবেই ৰক্ষা কৰে সম্পৰ্ক।এনে লোক হয়তো দেখিছে সকলোৱেই।
তাৰ সমান্তৰালকৈ এটা ‘ভাল পৰিয়াল’ৰ অস্তিত্বও এই সমাজত নাই তেনে নহয়।আজিও এনে কিছুসংখ্যক পৰিয়াল আছে,যি সদায়েই নিজ স্বত্বাটোক প্ৰতিপাল,যত্ন,আদৰ কৰাৰ দৰেই গুৰুত্ব দিয়ে,মিলাপ্ৰিতীৰে আৰু প্ৰতিটো সমস্যাত একগোট হৈ সমিধান ওলিয়াই মৰমৰে ধৰি ৰাখে পৰিয়ালটোক।আচলতে এটা পৰিয়ালৰ,
প্ৰতিজন লোকৰ পৰিয়ালক লৈ দ্বায়িত্ব থাকে কৰনীয় থাকে।
সময়ৰ পাকচক্ৰত বৰ্তমান এনে পৰিস্থিতিও হৈছে গৈ,যে এটা পৰিয়ালৰ সৰু চামে নিজ পৰিয়ালৰেই জেষ্ঠ্য জনক বা পৰিয়ালৰ আপোনজনৰ লগত হেৰাই গৈছে চিন-চাব।ব্যস্ততাৰ অজুহাততেই হওঁক বা যিয়েই,পৰিয়ালৰ মাজত আহ্-যাহ্,যোগাযোগ কমি যোৱাত তেজৰ সম্পৰ্ক থকা মানুহবোৰৰ পৰা নতুনচাম নিলগতেই ৰয়।ভূল সময়ৰ নে ব্যস্ততাৰ নে কাৰ নাজানো।
বিয়ায়ে-সবাহে কেতিয়াবা গ’লে যেতিয়া কোনো পূৰণি আত্মীয়ৰ লগত চিনাকি হওঁ বা যেতিয়া ‘ইমান ডাঙৰ হ’লা,তোমাক সৰুতেই দেখা’ বুলি মূৰে গালে হাত ফুৰাই কৰা মৰম বোৰ পাওঁ,তেতিয়া নিজলৈ ধিক্কাৰ উপজে।
আধুনিকতাৰ যুগতো,ব্যক্তিগত মনোমিলন্যৰ ফলত যোগাযোগ নথকা পৰিয়ালৰ সদস্যবোৰক বহু দিনৰ মূৰত লগ পালে,’চিনি পাইছা জানো’ বুলি শুধা প্ৰশ্নটোৰ দোমোজাত হা লাগি ৰৈ থকা বা লাহে লাহে এটা সৌজন্যবোধক হাহিঁৰে মূৰটো লৰোৱাৰ সময়ত  নতুনচামৰ সদায়েই আউল লাগে পৰিচয় বিচাৰি।
পৰিয়ালবোৰ হেৰাই যায় এনেকৈ।
একেদৰে,
কিছুসংখ্যক এনে পৰিয়ালৰ লোকো আছে যি সদায়েই মনত এটি ঈৰ্ষাৰ ভাৱ পুহি ৰাখে।এটা বিশাল পৰিয়ালৰ পৰা নিজৰ পতি-পত্নী বা সংসাৰ হোৱাৰ পিছত এনেও এজন ব্যক্তিৰ জীৱনত পৰিৱৰ্তন আহে বা সকৰাত্মক পৰিৱৰ্তনবোৰ আহিবও লাগে।পৰিয়ালত এনে কিছুমান লোকো থাকে বিশেষ কৈ সেই ব্যক্তিজনৰ ভগ্নী বা বায়েক,যি কোনো সামান্য কথাকে বঢ়াই কৰি পত্নীৰ বিপক্ষে মানুহজনক পৰিচালিত কৰিব খুজে।একেদৰে কোনো ক্ষেত্ৰত পত্নীয়েও..
কোনো পৰিয়ালত একে বয়সীয়া লʼৰা-ছোৱালী থাকিলে সদায়েই এজন তুলনা হয় আনজনৰ লগত। পৰীক্ষাৰ নম্বৰৰ পৰা দেখা-শুনা,কাপোৰ কানিৰ পৰ্যন্ত ই হৈ পৰে এক প্ৰতিযোগিতা।
কিছুমান পৰিয়ালত এনে সদস্য ও আছে,যি আন দুজনৰ এটা ভাল-সম্পৰ্কত সুখী হ’ব নোৱাৰে,সহ্য কৰিব নোৱাৰে।তেনে লোকে পৰিয়ালৰ ভাই-ভনী,ককায়েক-ভনীয়েকৰ সম্পৰ্কৰ মাজতো অন্য কিছুমান অপবাদ সোমোৱাই ভংগ কৰিবলৈ বিছাৰে বা ষড়যন্ত্ৰৰে নষ্ট কৰিবলৈ বিচাৰে এটা সু-সম্পৰ্ক।
আন কিছুসংখ্যকে আকৌ আপোনাৰ ওচৰত আপোনাক শলাগি,পেটে-ভাতে সৰকাই,আন দহজনৰ ওচৰত আপোনাৰ বিপক্ষে গোৱাতো স্বভাৱ।
যিজনে পৰিয়ালৰ কাৰণে এসময়ত নিজৰ পত্নী সন্তানৰ বা নিজ প্ৰয়োজনো ত্যাগী পৰিয়ালক প্ৰাধন্য দিয়ে,সেইজনেই পৰিয়ালৰ পৰা এনে বিনিময় পোৱাৰ পিছত অকলশৰীয়া হৈ পৰে। নহয়নে?
কেও-কিছু নাথাকি অকলশৰীয়া হোৱা এজন আৰু এটা ভৰপূৰ পৰিয়াল থাকিও অকলশৰীয়া হোৱা এজনৰ অৱস্থা শেষত একেই হয়।
আচলতে ঠেক মনৰ মানুহ,ঈৰ্ষা আৰু ব্যক্তিকেন্দ্ৰিতাৰ বৃদ্ধিৰ লগে লগে মানুহে মানুহক নিচিনা হৈছে,পাহৰি পেলাইছে ভাই-ভনীৰ চিন,পাহৰি পেলাইছে নিজক।
এটা আদৰ্শ পৰিয়াল সকলোৰেই কাম্য।সেইমতে প্ৰতিজনৰ মাজৰ ভেদা-ভেদ বোৰ দূৰ কৰাটোও নিজ-নিজ কতৰ্ব্য।
কিছু লোকে এটা পৰিয়াল ধৰি ৰাখিবলৈ বহু চেষ্টা কৰে,কিন্তু এটা সীমা পাৰ হৈ যোৱাৰ পিছত স্বৰ্তস্ফূৰ্তভাৱেই সকলো ভাগৰি পৰে।ই স্বভাৱিক।একপক্ষীয় চেষ্টাবোৰ অব্যাহত থকাৰ সমান্তৰালকৈ যদি অন্যফালৰ পৰা একো প্ৰচেষ্ঠা নাথাকে,ই অৱহেলাৰ ৰূপ লোৱাৰ পিছত,এজন ব্যক্তিয়ে পৰিয়াল এৰাটো প্ৰাকৃতিক হৈ পৰে।
বি:দ্ৰ: পৰিয়ালৰ প্ৰয়োজন আছে সচাঁকৈয়েই।ঠেক মানসিকতাই ধ্বংস কৰি পেলাই সকলো।আপুনি কাক বিশ্বাস কৰিছে বা কাৰ কথামতে কাক ত্যাগ কৰিছে সেইয়া সম্পূৰ্ণ নিজস্ব হোৱা উচিত কাৰণ বিশ্বাসেই বস্তৰ আধাৰ।এই বিশ্বাসেই পৰিয়ালটো একগোট কৰি ৰাখে।
বিপদত বা সম্পদত এজন মানুহে অকলে উদযাপন কৰিব নোৱাৰে একোকে।সেইটো সকলোৱেই বুজা উচিত।পৰিয়ালৰ সম্পৰ্কবোৰ ধৰি ৰখাতো আমাৰ কৰ্তব্য।কাৰণ,ধন-ধান,বিলাসীতা,আত্মগৌৰৱ,ভেদা-ভেদক চাৰি কান্ধত উঠাবলৈ পৰিয়ালৰ লোকেই আহিব লাগিব।
এঘাৰদিনীয়া বৰ্ত খাটিঁবলৈও পৰিয়ালটো লাগিবই।নিশ্চয়কৈ লাগিবই।
ববিতা বৰা
৬০০০৮১০৬০০