প্ৰৱঞ্চনাৰে  ১০ হেজাৰ লোকৰ পৰা ২৫কোটি টকাৰ লুন্ঠন

pc-Economic Times

প্ৰৱঞ্চনাৰে  ১০ হেজাৰ লোকৰ পৰা ২৫কোটি টকাৰ লুন্ঠন

অনলাইন বাৰ্ত্তাসেৱা- দিল্লীৰ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই ৩ বছৰত ১০ হেজাৰ লোকৰ পৰা প্ৰৱঞ্চনাৰে ২৫ কোটি টকা সৰকাই নিয়া চক্ৰক উৎসাত কৰিছে। এই চক্ৰৰ সৈতে জড়িত ৫জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোককেইজনে ইলেক্ট্ৰনিক সামগ্ৰীআৰু কাপোৰ বিক্ৰীৰ উদ্দেশ্যে ৬০ টাৰো অধিক ভুৱা শ্বপিং ৱেবছাইট সৃষ্টি কৰিছিল। এনে কেইটামান ৱেবচাইত হৈছে- বুকমাইটেব, দ্য ৰাইপড জিনছ, ডেউলীপোছাক, ডেনিমটী, ফেমিদোকান। অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি বিগত ৩ বছৰত ২৫ কোটি টকা সৰকাই নিছিল এই চক্ৰটোৱে। দিল্লী আৰক্ষীয়ে বুকমাইটেবৰ বিৰুদ্ধে এটী অভিযোগ পোৱাৰ পাছতে অনুসন্ধান আৰম্ভ কৰাত এই ঘটনা পোহৰলৈ আহে।

 

(RT)