প্ৰেম-বৰ্ষা অৰণ্য   – প্ৰসেনজিত গোস্বামী

pc- Times of India

প্ৰেম-বৰ্ষা অৰণ্য   

                                প্ৰসেনজিত গোস্বামী

বন্ধ কোঠাত বিচনাত বাগৰি তোমাৰ কথাই ভাবিছোঁ।

হুমুনিয়াহবোৰে কোঠাৰ বেৰ,

চিলিং বগাই খেলি আছে আপোন মনে ।

খিৰিকী খুলি দিম বুলি ভাবিও নিদিলোঁ ।

থাকক নালাগে….

আপোন মনে খেলি থকা হুমুনিয়াহবোৰে হয়তো

খিৰিকীৰে সোমাই অহা বতাহত বিতত হ’ব।

তোমাক ভাল পোৱাটো যেন বৰ্ষা অৰণ্য।

তোমাক ভাল পাওঁ বুলি কোৱাটো অৰণ্য ৰোদন।

আৰু মই?

আৰু মই?

সময়ে এৰি থৈ যোৱা কেইটামান মূহুৰ্তৰ স্মৃতি মাথো।

তোমাক ভাল পেৱাটো যেন বৰ্ষা অৰণ্য

তোমাক ভালপাওঁ বুলি কোৱাটো অৰণ্য ৰোদন।