প্ৰেম — অণিমা শৰ্মা

Pc-inc.magazine

প্ৰেম

অণিমা শৰ্মা

সকলোৰে বাবে
নান্দনিক অনভূতিৰে
জীৱন জুৰি ব্যাপ্ত হৈ ৰয়
এটি শব্দ ” প্ৰেম”।
আৱেগৰ প্ৰকাশত
উদ্ভাষিত হয়,
প্ৰেমৰ সুৱাসিত ফুল
ৰজনীগন্ধা,
তগৰ,
শেৱালি ।
অপেক্ষাৰ ফুলনিত
প্ৰতিধ্বনিত হয়,
পূৰ্ব ৰাগ,
অনুৰাগৰ
স্বৰ লিপিৰ… অনুৰণন ।
জীৱনে মুখামুখি হয়
জোনাকী পৰুৱাৰ দৰে
আন্ধাৰৰ মাজে মাজে।
এক
অনন্য পৃথিৱীত
বাস্তৱ অনুভৱ লৈ
প্ৰেমেই খোজ পেলায়,
বিলাস বৈভৱৰ পৰা
আতৰি আহি,
প্ৰেমময় সেন্দুৰীয়া আলিত।
য’ত নিঃস্বাৰ্থৰ
বেলিয়ে সিচি দিয়ে
সপোনৰ,
হেপাহৰ,
সোণোৱালী বীজ ।