প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা

প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা।ধৰ্ম, দেশ আৰু জুবান কেতিয়াও প্ৰেমৰ বাধা নহয়।প্ৰেম মানে এইটো নহয় য’ত কেৱল ভাল পোৱা থাকে,প্ৰেম মানে এইটোহে য’ত ভাল পোৱাৰ লগতে বিশ্বাস আৰু আন্তৰিকতা থাকে।প্ৰেমৰ এই ঐশ্বৰিক শক্তি সদায়েই বাস্তৱত প্ৰমাণ হৈ আহিছে।প্ৰেমৰ এই কথাক সচাঁ প্ৰমাণিত কৰি দেখুৱালে দুই যুৱক যুৱতীয়ে।দুই যুৱক-যুৱতীৰ মাজত হোৱা প্ৰেম আৰু মিলনৰ এক বাস্তৱ কাহিনী চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে।ছচিয়েল মিডিয়াত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ফাদাৱা আৰু অবিনাশ নামৰ এই বিশেষ প্ৰেমিক যুগলৰ বিবাহৰ কথা।সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি,আফ্ৰিকাৰ দেশ মৰক্কোৰ এগৰাকী মুছলমান ছোৱালীয়ে নিজৰ দেশৰ পৰা ৮,০০০ কিলোমিটাৰ দূৰত থকা গোৱালিয়ৰৰ এজন হিন্দু ল’ৰাৰ প্ৰেমত পৰিছিল। যুৱতীগৰাকীয়ে প্ৰেমৰ বাবে নিজৰ দেশ ত্যাগ কৰিছিল।মৰক্কোৰ বাসিন্দা ২৪ বছৰীয়া ফাদাৱাই ছ’চিয়েল মিডিয়াত গোৱালিয়ৰৰ ২৬ বছৰীয়া অবিনাশ দোহৰে চিনাক্ত কৰিছিল।ছ’চিয়েল মিডিয়াত বন্ধুত্ব প্ৰেমত পৰিণত হৈছিল।কিন্তু দুয়ো ধৰ্মক লৈ চিন্তিত হৈ পৰিছিল।দুয়োজনে তেওঁলোকৰ পৰিয়ালক সম্পৰ্কৰ বিষয়ে কৈছিল।অবিনাশে বিবাহৰ প্ৰস্তাৱ লৈ দুবাৰ মৰক্কোলৈ গৈছিল,কিন্তু ফাদৱাৰ দেউতাক আলী লাইমালীয়ে বিয়াৰ বাবে অস্বীকাৰ কৰিছিল।অবিনাশে ফাদৱাৰ দেউতাকক কৈছিল যে, মই মোৰ দেশ এৰি নাযাম বা মোৰ ধৰ্ম সলনি নকৰোঁ,কিন্তু মই আপোনাৰ ছোৱালীকো ধৰ্মান্তৰিত নকৰো।তেতিয়া পৰিয়ালটো বিয়াত সন্মত হ’ল।ইয়াৰ পিছত,মৰক্কোৰ মুছলমান ছোৱালী ফাদৱা আৰু গোৱালিয়ৰৰ হিন্দু যুৱক অবিনাশ বুধবাৰে এডিএম আদালতত বিবাহ পাশত আৱদ্ধ হয়।কেইদিনমানৰ ভিতৰত, দুয়ো ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হ’ব আৰু ক’ভিডৰ পিছত এক অভ্যৰ্থনাও দিব।