প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অনলাইনযোগে বিশ্ব সংস্কৃত দিৱস পালন

pc- RitiRiwaz

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অনলাইনযোগে বিশ্ব সংস্কৃত দিৱস পালন

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ উদ্যোগত অনলাইনযোগে বিশ্ব সংস্কৃত দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি অনলাইনযোগে ‘মানৱ কল্যাণ সাধনত সংস্কৃত ভাষাৰ অৱদান’ শীৰ্ষক এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক নিবেদিতা দেৱীয়ে সঞ্চালনা কৰা বক্তৃতানুষ্ঠানটো উদ্বোধন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা দীপিকা ৰায় মেধীয়ে। বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে ভাগ লৈ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা। সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্য বিভাগৰ বিভাগীয় প্ৰধান ড০ ৰাতুল বুজৰবৰুৱাই বিষয়বস্ত্তৰ ওপৰত আলেকপাত কৰি নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনে সংস্কৃত ভষাৰ যাত্ৰাত নতুন দিগন্তৰ সূচনা কৰিব বুলি ব্যক্ত কৰে। তেনেদৰে বক্তৃতানুষ্ঠানত অধ্যপক ড০ অঞ্জলি দেৱীয়েও বিশ্ব সংস্কৃত দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে। আনহাতে প্ৰাগজ্যোতিষকে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা কাৰ্যসূচীৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অধ্যপক ড০ পল্লৱী দত্তই।

 

(RT)