প্ৰাক্তন পাক ক্ৰিকেটাৰ ৰামিজ ৰাজা পাক ক্ৰিকেট বʼৰ্ডৰ অধ্যক্ষ হোৱাৰ দিশে

Pc- Hindustan Times

প্ৰাক্তন পাক ক্ৰিকেটাৰ ৰামিজ ৰাজা পাক ক্ৰিকেট বʼৰ্ডৰ অধ্যক্ষ হোৱাৰ দিশে

অনলাইন বাৰ্ত্তাসেৱা– প্ৰাক্তন পাকিস্তানৰ ক্ৰিকেটাৰ ৰামিজ ৰাজা পাকিস্তানী ক্ৰকেট বʼৰ্ডৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। এই সন্দৰ্ভত দেশখনৰ ক্ৰিকেট বʼৰ্ডে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ৰামিজ ৰাজা পাকিস্তানৰ ক্ৰিকেট বʼৰ্ডৰ পৰৱৰ্তী অধ্যক্ষৰ পদত অধিষ্ঠিত হʼব। পাকিস্তানৰ ক্ৰিকেট বʼৰ্ডৰ বৰ্তমানৰ অধ্যক্ষ এহছান মানিৰ তিনি বছৰীয়া কাৰ্যকালৰ অন্ত পৰিছে। পাকিস্তানৰ ক্ৰিকেট বʼৰ্ডে এয়াৰ পিছতে ঘোষণা কৰিছিল যে এতিয়াৰ পৰা এহছান মানি অধ্যক্ষৰ দায়িত্বত নাই। প্ৰধানমন্ত্ৰী ইমৰাণ খান দেশখনৰ ক্ৰিকেট বʼৰ্ডৰ পৃষ্ঠপোষকৰ দায়িত্বত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অধ্যক্ষ পদৰ বাবে দুগৰাকী ব্যক্তিৰ নাম আগবঢ়াইছে আৰু তাৰে ভিতৰত এজন হʼল ৰামিজ ৰাজা।

 

(RT)