প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ যাদৱৰ দেহাৱসান

Pc Zee News

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ যাদৱৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  JDUৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শাৰদ যাদৱৰ দেহাৱসান। শাৰদ যাদৱৰ কন্যাই এই কথা নিশ্চিত কৰিছে। ৭৫ বছৰ বয়সত অন্তিম নিশ্বাস ত্যাগ কৰে শাৰদ যাদৱে। কিছুদিন ধৰি শাৰদ যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালত ভৰ্তি হৈ আছিল। হাস্পতালতে অন্তিম নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শাৰদ যাদৱে ২০০২ চনত জনতা দল গঠন হোৱাৰ পিছৰে পৰা কেইবা বছৰ ধৰি দলটোৰ সভাপতি আছিল। ইয়াৰ লগতে সাতবাৰ লোকসভাৰ সাংসদ আছিল তেওঁ। স্বাস্থ্যজনিত কাৰণত বিগত কিছু সময় ধৰি তেওঁ সক্ৰিয় ৰাজনীতিত নাছিল। শাৰদ যাদৱৰ কন্যা সুভাষিনীয়ে টুইটাৰত নিজৰ পিতৃৰ নিধনক লৈ শোক প্ৰকাশ কৰি লিখিছে যে দেউতা আৰু নাই। শাৰদ যাদৱে নিজৰ ৰাজনৈতিক কেৰিয়াৰত বহু উত্থান–পতনৰ সাক্ষা হৈছে। বিশেষকৈ বিহাৰৰ ৰাজনীতিত তেওঁ বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাৰদ যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, ‘শাৰদ যাদৱৰ নিধন দুখ পাইছো। ৰাজহুৱা জীৱনত তেওঁ নিজকে সাংসদ আৰু মন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ ডাঃ লোহিয়াৰ আদৰ্শৰে অনুপ্ৰাণিত আছিল। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰিছো।’