প্ৰশ্নকাকত ফাদিল কৰা সকলক কি শাস্তি দিব – সত্যজিৎ গগৈ

PC- sakshi education
প্ৰশ্নকাকত ফাদিল কৰা সকলক কি শাস্তি দিব
সত্যজিৎ গগৈ, নাহৰকটীয়া
প্ৰতি বছৰৰ দৰে এই বৰ্ষটো অসমত অনুষ্ঠিত হোৱা উচ্চ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হ’ল।ই চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা।ইয়াৰ বাবে চৰকাৰে তৎক্ষাণিক ভাৱে অভিযুক্তক চিনাক্ত কৰি যাৱৎজীৱন কাৰাদণ্ড বিহিব লাগিছিল।তাকে নকৰি চৰকাৰে সামাজিক মাধ্যম সমূহত বিভিন্ন ধৰণৰ চলাহী কথাৰে উক্ত বিষয়ৰ পৰা ফালৰি কাটিব বিচাৰে।যাৰ বাবেই প্ৰতি বছৰে এনে ধৰণৰ কাম সমূহ ঘটি আহিছে।
চৰকাৰে কি কৰিব লাগিছিল:-
ক)ঘটনাটো সংঘতিত হোৱাৰ ২/৩ ঘন্টাৰ ভিতৰতেই মূল অভিযুক্তৰ লগতে ইয়াৰ লগত জড়িত সকলক কৰায়ত্ত কৰিব লাগিছিল।
খ) অভিযুক্ত সকলক ৰাইজৰ সন্মূখত চিনাকী কৰাই যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিব লাগিছিল।
গ) শিক্ষা মন্ত্ৰীকো এই বিষয়টোৰ বাবে পদৰ পৰা অপসাৰণ কৰিব লাগিছিল।
চৰকাৰে কৰিছে কি:-
ক) ঘটনাৰ পিচত এখন জাননী প্ৰেৰণ কৰি প্ৰশ্নকাকত ফাদিলৰ কথাটো অৱগত কৰিছে।
খ) শিক্ষা মন্ত্ৰীৰ লগত বিষয়টো কেনেকৈ সংঘতিত হ’ল।এই বিষয়ে আলোচনা কৰিছে।
গ)অপৰাধী সকলক মাতি আনি শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহুৱাই ৰক্ষনাবেক্ষণ দিছে।
ঘ)আলোচনাৰ পিচত তদন্তৰ ঘোষনা কৰিছে।
ঙ)তদন্তৰ বহু পিচত ৰৌ বৰালি ক এৰি দি পুঠি খলিহনাক ধৰি সামাজিক মাধ্যমত বাঃ বাঃ লৈছে।
সেইবাবেই অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা প্ৰতিটো পৰীক্ষাতেই বিসংগতিয়ে দেখা দি আহিছে।তথাপিও চৰকাৰখনৰ গা নলৰে।কিয়নো চৰকাৰৰ ব্যৱস্থাটোক পৰিচালনা কৰা সকলো একে ঘাটৰ একে পানীৰে মাছ। তাৰ বিপৰীতে ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যতেই অসমৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দিশত কোনো ধৰণৰ বিসংগতিয়ে দেখা দিয়া নাই।বৰঞ্চ সুন্দৰভাৱৰ পৰীক্ষা অনুষ্ঠিত হৈ ৰাজ্যখনৰ সন্মান অটুত ৰাখিছে।অসম চৰকাৰে এই ক্ষেত্ৰত অন্য ৰাজ্যৰ পৰা নিশিকি কিয় মইমতালি কৰিছে।এনে হৈ থাকিলে চৰকাৰৰ ওপৰত ৰাইজৰ ভৰষা হেৰাই যাব।তেতিয়া খুওৱ কম সময়ৰ ভিতৰতে ৰাইজে চৰকাৰ সলনি কৰিবলৈ বাধ্য হ’ব।