প্ৰধানমন্ত্ৰী মোদীৰ উপদেষ্টা অমৰজিৎ সিনহাৰ পদত্যাগ

প্ৰধানমন্ত্ৰী মোদীৰ উপদেষ্টা অমৰজিৎ সিনহাৰ পদত্যাগ

অনলাইন বাৰ্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এজন উপদেষ্টা অমৰজিৎ সিনহাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (পিএমঅ’) ১৭ মাহ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদত্যাগ কৰিছে।

অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ) বিষয়াৰ পদত্যাগ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাছিল।

সিনহা বিহাৰ কেডাৰৰ (১৯৮৩ বেচ) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া আছিল। ২০১৯ চনৰ ডিচেম্বৰত গ্ৰামোন্নয়ন বিভাগৰ সচিব হিচাপে অৱসৰ লোৱাৰ দুমাহৰো কম সময়ৰ পিছত তেওঁক যোৱা বছৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।