প্ৰধানমন্ত্ৰী মোদীয়ে ২ আগষ্টত ডিজিটেল পেমেণ্ট সমাধান ই-ৰুপি মুকলি কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে ২ আগষ্টত ডিজিটেল পেমেণ্ট সমাধান ই-ৰুপি মুকলি কৰিব

অনলাইন বাৰ্তাসেৱা – ই-ৰুপি হৈছে এক কিউআৰ কোড বা এছএমএছ স্ট্ৰিং-আধাৰিত ই-ভাউচাৰ, যাক কল্যাণ সেৱাৰ হিতাধিকাৰীসকলৰ মোবাইললৈ প্ৰদান কৰা হব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ই-ৰুপি, উদ্দেশ্য নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান মুকলি কৰিব।

ই-ৰুপি হৈছে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু যোগাযোগবিহীন সঁজুলি।এই বিজোড় এককালীন পৰিশোধ প্ৰণালীৰ ব্যৱহাৰকাৰীসকলে সেৱা প্ৰদানকাৰীৰ কাৰ্ড, ডিজিটেল পেমেণ্ট এপ বা ইণ্টাৰনেট বেঙ্কিং প্ৰৱেশাধিকাৰ অবিহনে ভাউচাৰটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

ইয়াক ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে ইয়াৰ ইউ.পি.আই. প্লেটফৰ্মত বিকশিত কৰিছে, বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগত।