প্ৰধানমন্ত্ৰী মোডীলৈ ভাৰতীয় অলিম্পিয়ান সকলৰ পৰা বিশেষ উপহাৰ

প্ৰধানমন্ত্ৰী মোডীলৈ ভাৰতীয় অলিম্পিয়ান সকলৰ পৰা বিশেষ উপহাৰ

অনলাইন বাৰ্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অলিম্পিয়ান সকলক তেওঁৰ বাসগৃহত হোৱা বাৰ্তালাপৰ সময়ত এক বিশেষ আবেদন জনাইছিল য’ত তেওঁ তেওঁলোকক ৰাতিপুৱাৰ আহাৰৰ বাবে আতিথ্য দিছিল। চৰকাৰী সূত্ৰই জানিব দিয়া মতে খেলুৱৈ সকলে প্ৰধানমন্ত্ৰীক তেওঁলোকৰ ক্ৰীড়া সঁজুলি উপহাৰ প্ৰদান কৰে। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই মোডীক তেওঁৰ জেভলিন উপহাৰ দিছে, ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুক তেওঁৰ বেডমিণ্টন ৰেকেট, পুৰুষ আৰু মহিলা হকী দলক এটা কৈ অটোগ্ৰাফ যুক্ত হকী ষ্টিক, চিএ ভৱানীয়ে তেওঁৰ তৰোৱাল আৰু লাভলিনা বৰগোহাঁইক তেওঁৰ বক্সিং হাতমোজা উপহাৰ দিছে। সকলো পদক বিজয়ীয়ে প্ৰধানমন্ত্ৰীক অটোগ্ৰাফ যুক্ত ষ্টল উপহাৰ দিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়াকৈ টকিঅ’ৰ পৰা উভতি অহা ভাৰতৰ অলিম্পিয়ান সকলক ২০২৩ চনৰ স্বাধীনতা দিৱসৰ ভিতৰত ৭৫ খন কৈ বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে সজাগতা বিয়পাবলৈ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে খেল খেলিবলৈ আহ্বান জনায়।