প্ৰধানমন্ত্ৰী মোডীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কিন্নৌৰ ভূমিস্খলনক লৈ 

প্ৰধানমন্ত্ৰী মোডীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কিন্নৌৰ ভূমিস্খলনক লৈ

অনলাইন বাৰ্তাসেৱা – হিমাচল প্ৰদেশৰ দূৰৱৰ্তী কিন্নৌ জিলাৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক ডাঙৰ ভূমিস্খলনৰ ফলত হোৱা ধ্বংসাৱশেষৰ তলত দুজন লোক নিহত হোৱাৰ লগতে ৪০ জনৰো অধিক লোক পুতি যোৱাৰ আশংকা কৰা হৈছে। হিমাচল পথ পৰিবহণ নিগমৰ (এইচআৰটিচি) বাছকে ধৰি কেইবাখনো বাহন ধ্বংসাৱশেষৰ তলত পুত খাই গৈছে।

এজন আৰক্ষী বিষয়াই পিটিআইক জনাইছে যে কিন্নৌৰৰ জিলা ৰেকং পিঅ’ৰ পৰা ৬১ কিলোমিটাৰ দূৰত নিগুলচাৰীৰ ওচৰৰ ঘাইপথৰ এটা ডাঙৰ অংশত সংঘটিত ভূমিস্খলনত এখন ৰাজ্যিক পথ বাছ আৰু কেইবাখনো বাহন পুতি পেলোৱা হৈছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক লৈ হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সৈতে কথা পাতিছে। প্ৰধানমন্ত্ৰীয়ে চলিত উদ্ধাৰ অভিযানত সকলো সম্ভৱ সমৰ্থনৰ আশ্বাস দিয়ে,” প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ’) কয়।  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সৈতে কথা পাতে আৰু ভূমিস্খলনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লৈছে।