প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ কাৰ্যসূচীত অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ে উত্থাপন

p.c.Mint

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ কাৰ্যসূচীত অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ে উত্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ৰ কাৰ্যসূচী ‘মন কী বাত’ সংস্কৰণত অসম সহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ে উত্থাপন কৰে।নিষ্ঠা প্রয়াসেৰে সফলতা লাভ কৰাৰ উদাহৰণ হিচাপে অসমৰ গঁড় হত্যা ৰোধৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ত উত্থাপন কৰে। ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে কয়- মৰমৰ দেশবাসী, যেতিয়াই নিষ্ঠা প্রয়াসেৰে কাম কৰা হয়, তেতিয়াই সুফল পোৱা যায়। অসমত ইয়াৰ এক বিৰল উদাহৰণ আছে। অসমৰ নাম ল’লেই চাহ বাগিচা আৰু অনেক ৰাষ্ট্ৰীয় উদ্যান মনলৈ আহে। ইয়াৰ ভিতৰত এশিঙীয়া গঁড়ৰ ছবি। অর্থাৎ এশিঙীয়া গঁড় আমাৰ মনত ভাহি উঠে। আপোনালোক সকলোৱে জানে যে এশিঙীয়া গঁড় সদায়েই অসমীয়া সংস্কৃতিৰ অংশ হৈ আহিছে। প্ৰত্যেকৰে কাণত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ গান এটা বাজি উঠে। বন্ধুসকল, এই গীতটোৰ অৰ্থ অতি সু সংগত। গীতটোত কোৱা হৈছে কাজিৰঙাৰ চাৰিওফালে ভৰি থকা সেউজ ঘাঁহনিৰ পৰিৱেশ, হাতী আৰু বাঘৰ বসতিস্থল, এশিঙীয়া গঁড় পৃথিৱীয়ে দেখে, পক্ষীৰ মধুৰ কলৰব শুনে। অসমৰ মহিলাই হাতেবোৱা বিশ্ব প্রসিদ্ধ মুগা আৰু এৰী পোছাকত এই গঁড়ৰ ছবি শুৱনি হয়। অসমৰ সংস্কৃতিত মহিমামণ্ডিত হয় গড়। কিন্তু এই গঁড় সংকটত আৰু কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ২০১৩ চনত ৩৭টা গঁড় আৰু ২০১৪ চনত ৩২টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল। এই প্রত্যাহ্বানক মোকামিলা কৰিবলৈ বিগত ৭ বছৰ ধৰি গঁড় নিধনকাৰীৰ বিৰুদ্ধে বিশাল অভিযান বিশেষকৈ অসম চৰকাৰে গ্ৰহণ কৰিছে। যোৱা বৰ্ষৰ ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱস উপলক্ষে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা ২,৪০০তকৈও অধিক খড়্গ জ্বলাই দিয়া হৈছে। ইয়ে চোৰাং চিকাৰীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছিল। এনে পদক্ষেপৰ বাবে অসমত গঁড়ৰ নিধন লাহে লাহে হ্রাস পাইছে। য’ত, ২০১৩ চনত ৩৭টা গঁড় নিধন হৈছিল, তাত ২০২০ চনত দুটা আৰু ২০২১ চনত মাত্ৰ এটা গঁড় নিধন হৈছে। গঁড় ৰক্ষাৰ বাবে অসমবাসীৰ এই প্রয়াসক মই প্রশংসা কৰিছোঁ।