প্ৰধানমন্ত্ৰী গ্ৰাম চড়কযোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলুতি চাঁ‌ৰি বছৰৰ (৪) পিছতো সম্পূৰ্ণ নহল এটি পথ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়কযোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলুতি চাঁ‌ৰি বছৰৰ (৪) পিছতো সম্পূৰ্ণ নহল এটি পথ

অনলাইন বাৰ্ত্তাসেৱা– প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলুটিৰ ফলত আজি চাঁ‌ৰি বছৰৰ পিছতো সম্পূৰ্ণ নহ’ল পূৰণিভেৰগাঁ‌ৱৰ পৰা নিছলামাৰীলৈ যোৱা গ্ৰাম্য পথছোৱা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি গ্ৰাম্য পথ গড়কাপ্তানী সংমণ্ডলৰ অধিনস্ত, পূৰণিভেৰগাঁ‌ৱৰ পৰা খুছিগাঁ‌ৱৰ মাজেদি নিছলামাৰীলৈ যোৱা (৮)কিঃমি দৈৰ্ঘ্যৰ গ্ৰাম্য পথছোৱা, প্ৰিয়াসী আসী ডেভলপাৰছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী উমেশ বেৰীয়াই ২০১৭ বৰ্ষতে ঠিকা লাভ কৰিছিল। কিন্তু আজি চাঁ‌ৰিটা বছৰে পথছোৱাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ কৰিছে যদিও পথছোৱাৰ কেইবাটাও ঠাইয়ে ঠাইয়ে আজিলৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল।। যাৰ ফলত খুছিগাঁ‌ৱ বাসী ৰাইজে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। তেওঁলোকে কয় যে পথছোৱাৰ কাম ঠিকাদাৰ উমেশ বেৰিয়াই ১০০ শতাংশ সম্পূৰ্ণ কৰিছে যদিও খুছিগাঁ‌ৱৰ মাজ ভাগত প্ৰায় দুটাকৈ স্থানত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহৌওতেই দায়িত্ব সামৰাত বৰ্তমান অৰ্ধ নিৰ্মিত পথছোৱাৰ চাইড,বাম, আৰু ঠাইয়ে মখলা-মখলী গাত হ’ব ধৰাত খুছিগাৱ বাসী ৰাইজে ঠিকাদাৰ তথা বিভাগীয় অভিযন্তাক দূষী আৰুপ কৰিছে।সেয়েহে অতিশীঘ্ৰেই পথছোৱাৰ মেৰামতিৰ কামক দৃষ্টিগোচৰ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছেঁ‌ স্থানীয় ৰাইজে ।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন