প্ৰধানমন্ত্ৰীয়ে সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্তক অগ্ৰাহ্য কৰে নেপালৰ উচ্চতম ন্যায়ালয়ে

pc Baghi TV

 অনলাইন বাৰ্ত্তাসেৱা – দেশখনৰ উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী কে পি অ’লি শৰ্মাই সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্তক অগ্ৰাহ্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ছোলেন্দ্ৰ ছমছেৰ ৰাণৰা নেতৃত্বত বহা ৫ জনীয়া বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীক বিৰোধী নেপালী কেংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাক নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে উল্লেখ কৰিছে প্ৰাধানমন্ত্ৰী কে পি অ’লি শৰ্মাৰ পৰামৰ্শমতে ৰাষ্ট্ৰীপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে সংসদ ভংগ কৰাটো অসাংবিধানিক আছিল। উল্লেখযোগ্য যে বিগত ২১ মে’ত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিয়ে সংসদ ভংগ ঘোষণা কৰি নেপালত ১২ আৰু ১৯ নৱেম্বৰত মধ্যকালীন নিৰ্বাচন ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বেও অ’লিয়ে ২০ ডিচেম্বৰত সংসদ ভংগ ঘোষণা কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনাৰ জৰিয়তে তেওঁৰ এই নিৰ্দেশ খাৰিজ কৰিছিল আৰু সংসদ পুনৰ বাহাল ৰাখিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত বহা ৫ জনীয়া বিচাৰপীঠে ১৩ জুলাই, সোমবাৰৰ সন্ধিয়াৰ ভিতৰত শ্বেৰ বাহাদুৰ দেউবাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ উপৰিও আগন্তুক ১৮ জুলাইত দেশখনৰ সংসদৰ নতুন অধিৱেশন আহ্বান কৰিবলৈ নিৰ্দেশ দিছে বিচাৰপীঠখনে।

(By UK.)