‘প্ৰদীপ বিশ্বনাথ তিব্ৰেওৱাল’গ্ৰুপ ক্ৰিকেট লীগৰ ‘ছিজন-২’ৰ খেলত ছেমছাংগ্ৰুপ চূড়ান্ত বিজয়ী

‘প্ৰদীপ বিশ্বনাথ তিব্ৰেওৱাল’গ্ৰুপ ক্ৰিকেট লীগৰ ‘ছিজন-২’ৰ খেলত ছেমছাংগ্ৰুপ চূড়ান্ত বিজয়ী

দেৱাশীষ গোস্বামী, নগাঁও,  ৰঙিলী বাৰ্ত্তাসেৱা- তেজপুৰৰ আগশাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ‘প্ৰদীপ বিশ্বনাথ তিব্ৰেওৱাল’গ্ৰুপৰ অধীনস্থ ব্যৱসায়ীক ফাৰ্ম সমূহৰ মাজত যোৱা ২৬ জানুৱাৰী তাৰিখে তেজপুৰৰ শ্বহীদ বাকৰিত ‘ছিজন-২’ৰ সীমিত অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট খন সুকলমে অনুষ্ঠিত হৈ যায়। ২৬ তাৰিখে পুৱা ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অন্যতম স্বতাধীকাৰী আদৰ্শ তিব্ৰেওৱাল, উদিত তিব্ৰেওৱাল আৰু তেখেত সকলৰ মাতৃ কুসুম তিব্ৰেওৱাল তথা সমূহ কৰ্মচাৰী সকলে বন্তি প্ৰজ্বলেনেৰে টুৰ্ণামেণ্ট খনৰ শুভ উদ্বোধন কৰে।টুৰ্ণামেণ্ট খনৰ মূল খেলসমূহ আৰম্ভ হোৱাৰ আগে আগে কুসুম তিব্ৰেওৱালে মূল পিটছত হাতত বেট লৈ বাউলাৰৰ সন্মুখীন হোৱা দৃশ্যই সকলোকে আপ্লুট কৰে।ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ মুঠ ৮টা দলে প্ৰতিদ্বন্দীতা আগবঢ়োৱা টুৰ্ণামেণ্ট খনত চুপাৰ অভাৰলৈ যোৱা ফাইনেল খেলখনত তীব্র প্ৰতিদ্বন্দীতাৰ অন্তত ছেমছাংগ্ৰুপে নৰ্থ ইষ্ট হুণ্ডা দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে।প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৭ অভাৰত ছেমছাং গ্ৰুপে ৯৯ ৰাণ সংগ্ৰহ কৰে।১০০ৰাণৰ লক্ষ্য আগত লৈ নৰ্থ ইষ্ট হুণ্ডাইয়ো নিৰ্ধাৰিত অভাৰত ৯৯ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।টাই হোৱা খেলখনত চুপাৰ অভাৰত নৰ্থ ইষ্ট হুণ্ডাই ছেমছাংগ্ৰুপক ১৩ৰাণৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে আৰু ছেমছাংগ্ৰুপে মাত্ৰ ৩টা বলতে সেই লক্ষ্য অতিক্ৰম কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰে। টুৰ্ণামেণ্ট খনৰ চূড়ান্ত খেলত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে ছেমছাং গ্ৰুপৰ গুৰমিতে ‘মেন অব দা মেচৰ’ সন্মান লাভ কৰে।টুৰ্ণামেণ্ট খনত একমাত্ৰ অৰ্দ্ধশতক অৰ্জনকাৰী নৰ্থ ইষ্ট হুণ্ডা দলৰ অধিনায়ক ৰূপেন দাস ‘বেষ্ট বেটাৰ’বিবেচিত হয়।অন্যহাতে জাৱা গ্ৰুপৰ বাপ্পি বেষ্ট ফিল্ডাৰ,অশোক চাৰ্ভিছ পাৰছনেলৰ একমাত্ৰ হেট্ৰিক অৰ্জনকাৰী নয়ন বেষ্ট বাউলাৰ আৰু নিজৰ দলক চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰোতে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়োৱা ছেমছাংগ্ৰুপৰ ধীৰাজ ‘মেন অৱ দা ছিৰিজ’ বিবেচিত হয়। ক্ৰমান্বয়ে আৰ্কষণীয় হৈ উঠা ‘প্ৰদীপ বিশ্বনাথ তিব্ৰেওৱাল’গ্ৰুপৰ টুৰ্ণামেণ্ট খনৰ ছিজন-২ ৰ সকলো দললৈ উদ্যোক্তা কমিটিয়ে ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আহাৰৰ সুন্দৰ ব্যৱস্থা কৰে।সকলো দলে খেলুৱৈ সুলভ মনোভাবেৰে সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ লগতে এখন সুন্দৰ আৰু সফল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ কাৰণে আৰ্দশ তিব্ৰেওৱাল আৰু কুসুম তিব্ৰেওৱালৰ লগতে সকলোৱে উদ্যোক্তা কমিটিৰ ভূয়সী প্ৰশংসা কৰে।টুৰ্ণামেণ্ট খনৰ মূল খেলসমূহ অতি সুন্দৰকৈ পৰিচালনা কৰি সাফল্যমণ্ডিত কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় আম্পায়াৰদ্বয় ক্ৰমে নৱ আৰু ৰিকি দাসে।