প্ৰথম বৰ্ষপূতি উপলক্ষে পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেন্টাৰৰ ব‍্যতিক্ৰমী পদক্ষেপ

প্ৰথম বৰ্ষপূতি উপলক্ষে পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেন্টাৰৰ ব‍্যতিক্ৰমী পদক্ষেপ

অমৰজিৎ ৰাভা,ওদালগুৰি,ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলাৰ পানেৰীস্থিত বেটাৰ লাইফ মেডিকেল চেণ্টাৰে প্ৰথম বৰ্ষপূতি উপলক্ষে ১৫ আৰু ১৬ ফেব্ৰুৱাৰী তাৰিখে ‘পে এছ ইউ উইছ অৰ্থাৎ আপোনাৰ ইচ্ছা অনুযায়ী মাছুল পৰিশোধ কৰক’ পদ্ধতিৰে নামভৰ্ত্তিৰ মাছুলেৰে চিকিৎসা সেৱা আগবঢ়ায়। অৰ্থাৎ ৰোগীসকলে মনে বিচৰা ধৰণে বা এক টকাৰ পৰা আৰম্ভ কৰি নিজ ইচ্ছা অনুযায়ী নামভৰ্ত্তিৰ মাছুল পৰিশোধেৰে চিকিৎসা কৰিব পাৰে। উক্ত পদ্ধতিত সন্তুষ্ট হৈ দুয়োটা দিনতেই প্ৰায় ৮০ গৰাকীতকৈও অধিক ৰোগীয়ে নিজ ইচ্ছা অনুযায়ী মাছুল পৰিশোধেৰে চিকিৎসা গ্ৰহণ কৰে। আনহাতে স্বাস্থ্য কেন্দ্ৰটোৱে চলিত বৰ্ষৰ অহা মাৰ্চ মাহৰ পৰা প্ৰত্যেক মাহৰ ১ আৰু ১৫ তাৰিখে ‘পে এছ ইউ উইছ বা আপোনাৰ ইচ্ছা অনুযায়ী মাছুল পৰিশোধ কৰক’ ব‍্যৱস্থাৰে চিকিৎসা সেৱা আগবঢ়াব বুলি বেটাৰ লাইফৰ স্বত্বাধিকাৰী চায়ান্তনি ভট্টাচাৰ্য্যই জনায়। বেটাৰ লাইফৰ এনে পদক্ষেপৰ জৰিয়তে সাধাৰণ দুখীয়া-নিচলা লোকসকল বা ৰোগীসকলে যথেষ্ট সুখী হৈ বেটাৰ লাইফ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে ইয়াৰ পূৰ্বতেও উক্ত মেডিকেল চেণ্টাৰৰ তৰফৰ পৰা পানেৰীৰ বহুতো পিছপৰা তথা ভিতৰুৱা অঞ্চলত বিনামূলীয়া চিকিৎসা আৰু ঔষধ বিতৰণৰ জৰিয়তে ৰাইজৰ সেৱা আগবঢ়াই আহিছে। এনেকুৱা ধৰণৰ সেৱাৰ জৰিয়তে বেটাৰ লাইফে যোৱা প্ৰথম বছৰটোত সমূহ পানেৰীবাসী ৰাইজৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ বিশাল ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হৈছে।