প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়,অসম চৰকাৰ তথা মাননীয় পৰিৱহণমন্ত্ৰী মহোদয়

pc-indiatvnews

প্ৰতি,
মাননীয় মুখ্যমন্ত্ৰী মহোদয়,অসম চৰকাৰ তথা মাননীয় পৰিৱহণমন্ত্ৰী মহোদয়,অসম চৰকাৰ।
বিষয়:-ব্যৱসায়িক বাহনসমূহৰ আন্তঃজিলা পৰিৱহণত নিষেধাজ্ঞা সন্দৰ্ভত আৱেদন।

মহোদয়,
সন্মানসহকাৰে আপোনাক জনাও যে যিসমূহ যাত্ৰীবাহীবাহনে চৰকাৰী কামত বিনাদ্বিদ্ধাই নিজৰ সেৱা আগবঢ়াই,বৰ্তমান সেই বাহনসমূহৰ মালিক তথা কৰ্মচাৰী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।বৰ্দ্ধিত কৰ,টোল টেক্স,এইবিলাক চৰকাৰী নীতিয়ে বহু বাছৰ মালিকপক্ষক নিৰাশ কৰি আহিছে,বেংকৰ ইএমআই,কৰ পৰিশোধ নকৰাৰ জৰিমনা এইবোৰ আছেই।মহোদয় আৰ্থিকস্থিতিৰ বাবে যি মানসিক অশান্তিত বাছৰ মালিকপক্ষ তথা কৰ্মচাৰী সকলে দিন পাৰ কৰিব লগীয়া হৈছে,সেয়া হয়টো আপোনালোকৰ বাবে সপোনৰো অগোচৰ।প্ৰায় ৯০%থলুৱালোক জড়িত হৈ থকা ব্যৱসায়টোৰ প্ৰতি আপোনালোকৰ এই গুৰুত্বহীন পদক্ষেপত আমি সঁচাই নিৰাশ হৈছো,এখন যাত্ৰীবাহনৰ লগত কেবাটাও পৰিয়ালৰ উপাৰ্জন জড়িত হৈ থাকে।উদাহৰণস্বৰূপে:-ড্ৰাইভাৰজন,পৰিচালকজন, সহায়কজন তথা মেকানিকজন,বা হোটেল,কাউণ্টাৰ,পানদোকানৰ উপাৰ্জনো এখন যাত্ৰীবাহী বাহনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে।

মহোদয়,বৰ দুখেৰে জনাব বিচাৰিছো এইদৰেই যদি চলি থাকে,তেনেহ’লে আৰ্থিক অসুবিধাৰ বাবে আমাৰ দৰে পৰিৱহণ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে মৃত্যুয়েই একমাত্ৰ কাম্য হ’ব।গতিকে অনতি পলমে এই বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰিলো।
পৰিৱহণ ব্যৱসায়টোৰ প্ৰতি যদি সঁচাই আপোনালোকৰ সদিচ্ছা আছে,অনতি পলমে আন্তঃজিলা যাতায়ত খোলাৰ ব্যৱস্থা কৰক নতুবা বেংকৰ ইএমআই মাফ কৰাৰ ব্যৱস্থা কৰক।এইয়াই আমাৰ সকলোৰে দাবী।

ইতি
ভৱদীয়
সমূহ মটৰ পৰিৱহণ মালিক তথা শ্ৰমিকৰ হৈ
পাৰ্শ্ব নাৰায়ণ গোস্বামী
ঠিকণা:-বাম-পৰ্বতীয়া,ৰূদ্ৰপদ পথ
তেজপুৰ,শোণিতপুৰ
পিন:-৭৮৪০০১
অসম।
দূৰভাষ:- ৯৪৭৬৬২০৯৮৭