প্ৰতিচ্ছবি- Anamika Sarmah

PC CGTN

প্ৰতিচ্ছবি

বাট-কুৰি বাই আহিছো
তোমাক লগ পাবলৈ,
সোণোৱালী পথাৰ খনি
পাৰ হৈ
থমকি ৰ’লো
দেখিলোঁ ;
সোণোৱালী পথাৰ ,
কাষতে বিল ,
আৰু
দূৰৈৰ পৰা
ৰিণিকি ৰিণিকি
জিলিকি থকা পাহাৰ খনি ।
কিযে মনোৰম দৃশ্য
ওপৰে শুকোলাৰ ডাৱৰ
তলত
সেউজ সোণোৱালী
ধৰণী-ধুণীয়া পৃথিৱী
কিযে সুন্দৰ প্ৰকৃতি
ইমান মনোৰম দৃশ্য ।
নোৱাৰিলোঁ, আহিব আতৰি
নোৱাৰিলোঁ, আঁতৰাব এই দুটি নয়ন ।
থমকি বহি ৰ’লো
তোমাৰ কথা ভাবি
সেয়ে,
কেমেৰাত বন্দি কৰি থ’লো
তাৰেই প্ৰতিচ্ছবি ।

-Anamika Sarmah
Naharkatia, Dibrugarh