প্ৰকৃতিৰ বেথা-দেবাশীষ গোস্বামী

Pc-the financialexpress

প্ৰকৃতিৰ বেথা

অক্সিজেন অক্সিজেন অক্সিজেন
চাৰিওফালে অক্সিজেনৰ বাবে
ইমান যে হাহাকৰ
হে মনুষ্যগণ
এতিয়াও কিয় বুজা নাই বাৰু
অক্সিজেন আমাৰ বাবে কিমান যে দৰকাৰ…
যান্ত্ৰিকতাৰ মাজত সকলো মচগুল
প্ৰতিক্ষণে কৰি থাকো আমি কিমান যে ভূল
পাইছানে গম বাৰু বৃথা যে
আমাৰ দৰ্প অহংকাৰ
এটি মাথো ভাইৰাছে কৰিলে
সমগ্ৰ বিশ্ব চাৰখাৰ
ঐশ্বয্য বিভূতিৰ পিছত
এনেকৈ দৌৰো
মৃত্যুৰ পিছত লগত
কি লৈ যাম বাৰু…?
গছপুলিৰ লগত চেল্ফিলৈ
কিমান যে মজা পাওঁ
পিছদিনা খনেই কিন্তু
সকলো পাহৰি যাওঁ
বাৰে বাৰে কৰা ভূলৰ পৰা
নলও‍ঁ যে একো শিক্ষা
মাগিব লগীয়া হয় শেষত
জীৱন ভীক্ষা
প্ৰদূশিত পৰিবেশত
স্খলিত যুৱ-চাম
নাথাকিব ধৰণীত কাৰো
যুগমীয়া নাম
এতিয়াও আছে সময়
হাতে কামে ধৰা
পৃথিৱীখন বচাম বুলি
প্ৰতিজ্ঞা কৰা
জীৱশ্ৰেষ্ঠ প্ৰানী বুলি
কৰিব লাগিব প্ৰমান
বাচিব জানিবা তেহে
মনুষ্যৰ মান
আনৰ বাবে নহলেও
নিজৰ বাবে কৰা
যাব পাৰিম তেহে দি থৈ
ধুনীয়া এখনি ধৰা
প্ৰকৃতিৰ লগত কেতিয়াও
নকৰিবা খেলা
পৃথিৱীৰ চকুলো আমি
মিলি মছি দিওঁগৈ ব’লা
ধুনীয়া ধৰণীখন বচাওঁ বুলি
সকলোৱে কৰো আহা পণ
ৰঙীন হ’ব তেহে আমাৰ
জীৱনৰ প্ৰতিটো ক্ষন…

দেবাশীষ গোস্বামী
7896721877