প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছেঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছেঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিৱস উপলক্ষে আজি মহানগৰীৰ দীঘলীপুখুৰীপাৰত ভাৰতীয় জনতা পাৰ্টীয়ে আয়ােজন কৰা সুশাসন দিৱসত অংশগ্রহণ কৰি প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে শক্তিশালী ভাৰতবর্ষ গঢ়ি তােলাৰ দিশত এইগৰাকী ৰাষ্ট্রনেতাই যথেষ্ট অৰিহণা আগবঢ়াই গৈছে। প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ দিশত যথেষ্ট অৱদান যােগাই গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডনাৰ, এন ই আই পি,বগীবিল দলং, লােকপ্রিয় গােপীনাথ বৰদলৈক ভাৰতৰত্ন প্রদানৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি থকা স-হদয়তা প্রকাশ কৰি গৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে মূল্যবােধৰ আধাৰিত ৰাজনৈতিক দর্শনৰ সূচনা কৰি গৈছিল। প্রশাসন যন্ত্রক স্বচ্ছ-নিকা আৰু জনমুখীকৰাৰ বাবে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছিল। অধিক জনমুখী সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এই সু-শাসন দিৱস উদযাপিত কৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনসাধাৰণৰ অৰিহণাৰে প্রাক্তন প্রধানমন্ত্রীগৰাকীৰ এটা সুবিশাল প্রতিমূর্তি গুৱাহাটীত নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ আর্থ-সামাজিক উত্তৰণৰ দিশত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। দেশৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ দিশত বাজপেয়ীয়ে কেতবােৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল বুলিও তেওঁ কয়। ৰাষ্ট্রৰ উন্নয়ন প্রক্রিয়াটো অধিক ত্বৰান্বিত কৰাৰ বাবে প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে পথ যােগাযােগৰ ক্ষেত্ৰত অভিলাষী আঁচনি গ্ৰহণ কৰি দেশৰ বিকাশৰ গতিত নতুন মাত্রা প্রদান কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে বাজপেয়ীৰ স্বদেশ প্রেম অতি সুগভীৰ আছিল। দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে তেখেতে সদায়ে দৃঢ়চিত্তে পদক্ষেপ লৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কার্গিল যুদ্ধৰ ক্ষেত্ৰত প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে লােৱা স্থিতিয়ে বিশ্ব দৰবাৰত আমাৰ দেশৰ শক্তিৰ এক বার্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী ৰাষ্ট্রনেতাৰ আদৰ্শৰে আমি সকলােৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পার্টি কর্মকর্তাসকলক বাজপেয়ীৰ সপােন সার্থক কৰাৰ বাবে কার্যত নিয়ােজিত হ’ব লাগিব বুলিও কয়।  এই অনুষ্ঠানত বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু বিধায়ক সিদ্ধার্থ ভট্টাচার্য উপস্থিত আছিল।