প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc Way2Barak

অনলাইন বাৰ্ত্তসেৱা – মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। বিগত দুটা দিন ধৰি নতুন দিল্লীত থকা মুখ্যমন্ত্ৰী ড° শৰ্মাই কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰি অসমৰ উন্নয়নৰ সন্দৰ্ভত এক
আলোচনাত বহে। মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী মোডীক এখন ফুলাম গামোচাৰে সম্ভাষণ জনোৱাৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে পাছত ‘টুইটাৰযোগে এই কথা সদৰী কৰি কয় যে প্রধানমন্ত্রীক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদেৰে নিজকে ধন্য বোধ কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাৎ কৰে। কেন্দ্রীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ বাসভৱনত উপস্থিত হৈ তেখেতক সম্ভাষণ জনোৱাৰ লগতে ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে। উল্লেখযোগ্য যে প্ৰায়বোৰ উচ্চ পদস্থ মন্ত্ৰীকেই সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীজনাই।